মানুহক সাধাৰণতে স্বাৰ্থপৰ বুলি কোৱা হয়৷ মেকিয়াভেলীয়ে মানুহক স্বাৰ্থপৰ আৰু বিশ্বাসঘাতক বুলি কৈছিল৷ অৰ্থনীতিবিদ গৰ্ডন টুলাকৰ মতে গড়ে ৯৫ শতাংশ মানুহ স্বাৰ্থপৰ৷ আমেৰিকাত কৰা এটা সমীক্ষাৰ পৰা জানিব পৰা গৈছিল যে দেশখনৰ মাত্ৰ ৩০ শতাংশ লোকেহে নিজৰ আশে-পাশে থকা লোকক বিশ্বাস কৰে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই ধাৰণাটোৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ কিয়নো এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে মানুহে দান কৰি সৰ্বাধিক সুখ অনুভৱ কৰে৷ অধ্যয়নটোৰ মতে আন ব্যয়তকৈ দান তথা আনৰ কাৰণে কৰা ব্যয়ে মনত আটাইতকৈ বেছি সন্তুষ্টি দিয়ে৷ মনোবিজ্ঞানী ৰেয়ান জে ডয়াৰ, উইলিয়াম জে ব্ৰেডী আৰু এলিজাবেথ ডব্লিউ ডানে এটা অধ্যয়ন কৰিছিল৷ এই অধয়নটো সাতখন দেশৰ ২০০জন লোকক লৈ কৰা হৈছিল৷ তেওঁলোকে এই ২০০জন লোকৰ প্ৰত্যককে প্ৰায় ৮ লাখ টকা বিনাচৰ্তে দিছিল৷ পাছত এই ধন তেওঁলোকে কেনেকৈ ব্যয় কৰিলে সেই বিষয়ে তেওঁলোকক সোধা হৈছিল৷ প্ৰায়কেইজন লোকে ৫ লাখতকৈ অধিক ধন আনৰ উপকাৰত ব্যয় কৰে৷ ইয়াৰ ভিতৰত ১.৪ লাখ টকা দান কৰাও আছে৷ তেওঁলোকে সামাজিক কামত প্ৰায় তিনি লাখ টকা আৰু প্ৰায় ১.৮ লাখ টকা অচিনাক্ত ব্যক্তি তথা সংগঠনক দিয়াত ব্যয় কৰে৷ মানুহে আনৰ কাৰণে ধন খৰচ কৰি মনত সন্তুষ্টি লাভ কৰে৷ মানুহে আনৰ কাৰণে ধন ব্যয় কৰাটো লাভজনক বুলি গণ্য কৰে৷ ইয়াৰ ফলত জীৱৰ ইতিবাচক প্ৰভাৱ পৰাৰ লগতে মনত এক সুকীয়া ধৰণৰ সন্তুষ্টি লাভ কৰে৷