সূৰ্যত আদিত্যৰ সাতবিধ সঁজুলিয়ে কি কি অধ্যয়ন কৰিব ?

0
333


ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এল-১এ সূৰ্যক গভীৰভাৱে অধ্যয়ন কৰিব৷ ভাৰতৰ এই বিশেষ পৰ্যবেক্ষণ কেন্দ্ৰ আদিত্য এল-১ক মহাকাশৰ বিশেষ স্থান এল-১ বিন্দুত স্থাপন কৰা হ’ব৷ আদিত্য এল-১ত সাত বিধ বিশেষ ধৰণৰ সঁজুলি লগোৱা আছে৷ ইয়াৰ জৰিয়তে এই পৰ্যবেক্ষণ কেন্দ্ৰই সূৰ্যৰ বায়ুমণ্ডল, ইয়াৰ কিছুমান বিশেষ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিব৷ এই অভিযানটোত ব্যৱহাৰ কৰা সাতবিধ সঁজুলিৰ পাঁচটা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ [ইছ্‌ৰ’] আৰু দুটা ভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ৷ এই নিৰীক্ষণ কেন্দ্ৰটো স্থাপন কৰা হ’ব পৃথিৱীৰ পৰা ১৫ লাখ কিল’মিটাৰ দূৰত্বত৷ আদিত্যত থকা সাতবিধ সঁজুলি হ’ল ভিডিবল এমিশ্যন লাইন কৰ’ন’গ্ৰাফী [ভি ই এল চি], ছ’লাৰ আল্ট্ৰাভায়’লেট ইমেজিং টেলিস্ক’প [এছ ইউ আই টি], ছ’লাৰ ল’ এনাৰ্জী এক্সৰে স্পেক্টমিটাৰ [ছলেক্স], বাই এনাৰ্জী এ-১ অৰ্বিটিং এক্সৰে স্পেক্ট’মিটাৰ [এইচ ইএল১ অ’ এছ এছ], আদিত্য ছ’লাৰ উইণ্ড পাৰ্টিকল এক্সপেৰিমেণ্ট [এছপেক্স], প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য [পাপা] আৰু এডভান্স্‌ড ট্ৰাই-এক্সিয়েল হাই ৰিজ’লিউশ্যন ডিজিটেল মেগ্ল’মিটাৰ্ছ৷ আদিত্য এল-১ অভিযানটোৰ মূল উদ্দেশ্য হ’ল সূৰ্যৰ বায়ুমণ্ডল আৰু বিশেষকৈ বাহিৰৰ তৰপটোৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰাটো৷ এই নিৰীক্ষণ কেন্দ্ৰটোৱে বিশেষভাৱে সূৰ্যৰ বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ অংশ কৰনা অত্যধিক গৰম হোৱাৰ কাৰণ বিশ্লেষণ কৰিব৷ ইয়াৰ লগতে এই তৰপটোত হোৱা মুকুট ভৰ নিৰ্গমণৰ বিষয়েও অধ্যয়ন কৰিব৷ ইয়াৰ উপৰি সৌৰ বতৰৰ সৃষ্টি, ইয়াৰ পৰা অতি দ্ৰুত গতিত হোৱা নিৰ্গমণ, সিচৰতি হৈ পৰাৰ কাৰণ সম্পৰ্কে অধ্যয়ন কৰিব আদিত্যই৷ উল্লেখ্য যে সূৰ্যৰ বায়ুমণ্ডলৰ একেবাৰে উপৰৰ অংশটোক মুকুট [কৰান] বুলি কোৱা হয়৷ ইয়াৰ পৰাই সৌৰ শিখা ওলাই আৰু বহিঃমহাকাশলৈও প্ৰসাৰিত হয়৷ এই তৰপটোৰ তাপমাত্ৰা ভিতৰৰ অংশটোতকৈ বহুত বেছি৷ আদিত্যৰ সঁজুলিয়ে ইয়াৰ কাৰণ জনাৰ চেষ্টা কৰিব৷ সূৰ্যৰ বায়ুমণ্ডলৰ বাহিৰৰ অংশটোত হোৱা ভয়ানক বিস্ফেৰণক মুকুট ভাৰ নিৰ্গমণ বুলি কোৱা হয়৷ এই বিস্ফোৰণৰ ফলত বৃহৎ পৰিমাণৰ শক্তিশালী চৌম্বকীয় তৰংগ আৰু প্লাজমা নিৰ্গত হয়৷ ভি ই এল চিয়ে এই বিষয়ে অধ্যয়ন কৰিব৷ এছ ইউ আই টিয়ে ফট’স্ফিয়েৰ আৰু ক্ৰম’স্ফিয়েৰৰ পৰা হোৱা বিকিৰণৰ বিশ্লেষণ কৰিব৷ ছলেক্সেছ আৰু এইছ ই এল১ অ’ এছ এছে সূৰ্যক এটা নক্ষত্ৰ হিচাপে অধ্যয়ন কৰিব৷ এছপেক্সে মহাকাশৰ বতৰ আৰু পাপাই সৌৰ ধুমুহা আৰু কণাবোৰৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব৷ সূৰ্যৰ চৌম্বকীয় ক্ষেত্ৰৰ বিষয়ে অধ্যয়ন কৰিব এডভান্স্‌ড ট্ৰাই-এক্সিয়েল হাই ৰিজ’লিউশ্যন ডিজিটেল মেগ্ল’মিটাৰ্ছে৷ আদিত্য এল-১ নিৰীক্ষণ কেন্দ্ৰই পৃথিৱীৰ চৌপাশৰ মহাকাশৰ বতৰৰ বিষয়ে অধ্যয়ন কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here