আৱিষ্কাৰ হ’ল ১১.৩ কোটি বছৰপুৰণি ডাইনছ’ৰৰ পদচিহ্ন

0
358


পৃথিৱীত মানুহ অহাৰ বহু কোটি বছৰৰ আগতেই বিভিন্ন ধৰণৰ জন্তুৱে বাস কৰিছিল৷ ইয়াৰে অধিকাংশ জীৱ-জন্তু বিলুপ্ত হৈ পৰে৷ এই ক্ষেত্ৰত ডাইনছ’ৰৰ নাম ল’ব পাৰি৷ বিশাল আকাৰৰ ডাইনছ’ৰৰ আগত কোনো জন্তু তিষ্ঠি থাকিব পৰা নাছিল৷ আজিৰ পৰা কেইবা কোটি বছৰৰ আগতে গ্ৰহাণুৱে পৃথিৱীক খুন্দিওৱাৰ ফলত হোৱা ধবংসলীলাত ডাইন’ছ’ৰ নোহোৱা কৰি পেলাইছিল৷ এসময়ত পৃথিৱীত যে ডাইন’ছ’ৰ আছিল তাৰ সাক্ষ্যহে ৰৈ গ’ল৷ শেহতীয়াকৈ ডাইনছ’ৰৰ কেইবা কোটি বছৰৰ আগৰ ভৰিৰ চিন পোৱা গৈছে৷ আমেৰিকাৰ মধ্য টেক্সাছত থকা ডাইনছ’ৰ ভেলি ষ্টেট পাৰ্কত এখন নদী শুকাই যোৱাৰ পাছত তাত ১১.৩ কোটি বছৰ পুৰণি ডাইনছ’ৰৰ পদচিহ্ন দেখা পোৱা গৈছে৷ এই পাৰ্কখনত ডাইনছ’ৰৰ সৈতে জড়িত স্মাৰক সংৰক্ষিত কৰি ৰখা হয়৷ শেহতীয়াকৈ পালক্সী নদীৰ পানী শুকাই যোৱাত বোকা-পানীৰ তলত থকা ডাইনছ’ৰৰ পদচিহ্ন দেখা পায় স্বেচ্ছাসেৱকসকলে৷ এই নদীখনৰ পানী এইবাৰ গ্ৰীষ্মকালত যথেষ্ট শুকাই গৈছে৷ স্বেচ্ছাসেৱকসকলে এতিয়ালৈকে ৭৫টা পদচিহ্ন দেখা পাইছে৷ পাৰ্কৰ বিষয়াসকলৰ মতে তেওঁলোকে আৱিষ্কাৰ কৰা পদচিহ্নকেইটা দুটা প্ৰজাতিৰ ডাইনছ’ৰৰ৷ ইয়াৰ এটা প্ৰজাতিৰ তিনিটা আঙুলিৰ ভৰি আছিল আৰু এই প্ৰজাতিটো মাংসহাৰী, ১৫ ফুট দীঘল আৰু ওজন প্ৰায় ৬,৩৫০ কিল’ৰ আছিল৷ আনবিধ ছাউৰ’পছেডন প্ৰটেল্‌ছ প্ৰজাতিৰ বুলি কোৱা হৈছে৷ এই প্ৰজাতিৰ ডাইনছ’ৰ মাংসহাৰী ডাইন’ছ’ৰতকৈ অধিক বিশাল আকাৰৰ আছিল৷ প্ৰায় ১০০ ফুট দীঘল এই প্ৰজাতিৰ ডাইনছ’ৰৰ ওজন প্ৰায় ৪০ হাজাৰ কিল’ বুলি কোৱা হৈছে৷ এই প্ৰজাতিটোৰ ভৰি বাল্বৰ আকৃতিৰ আছিল বুলি অনুমান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here