শিশুৰ দৈহিক ওজন বৃদ্ধিত অন্তৰায়হ’ব পাৰে এই পাঁচটি বিষয়

0
369


সন্তান এটিৰ জন্মৰ পৰাই চিকিৎসকে ওজন নিৰ্ধাৰণ বা সন্তানৰ জোখ নিৰ্ণয় কৰে৷ চিকিৎসকৰ পৰা এটি শিশুৰ বয়স অনযায়ী ওজন কিমান হোৱা উচিত সেয়া জনা উচিত৷ জন্মৰ পাছত শিশু লাহে লাহে বাঢ়িবলৈ ধৰে আৰু ডাঙৰ হ’ল কি নাই খোৱা-বোৱাক লৈ মাতৃগৰাকীয়ে জঞ্জালত পৰে৷ বিভিন্ন প্ৰকাৰে মাতৃগৰাকীয়ে শিশুটিক ৰুচি অনুসৰি খুৱাবলৈ যত্ন কৰে যদিও শিশুটিয়ে খাবলৈ মুঠেও ইচ্ছা নকৰে৷ যাৰ ফলত দেহৰ ওজনৰ কাঁটা এঠাইতে থমকি ৰয়৷ এইধৰণৰ সমস্যা প্ৰায়ভাগ শিশুৰ ক্ষেত্ৰতে দেখা যায়৷ অৰ্থাৎ খোৱাত ব্যাঘাত হোৱাৰ ফলত বয়স অনুযায়ী শিশুটিৰ ওজন নাবাঢ়ে৷ এই লৈ পিতৃ-মাতৃ চিন্তিত হোৱাও দেখা যায়৷ মূলতঃ এই সময়খিনিতেই শিশুটিৰ শৰীৰৰ অভ্যন্তৰীণৰ লগতে দেহৰ গঠন, উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি শিশুটিৰ ওজন যথাযথ হোৱাটো জৰুৰী৷ ওজন কম হ’লে শিশুৰ বৃদ্ধিত বাধাপ্ৰাপ্ত হয় লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ যাৰ ফলত সৰু বৰ বিভিন্ন ৰোগে শিশুটিৰ দেহত থিতাপি লয়৷ তেনে সময়ত আপুনি কি কৰা উচিত জানিবলগীয়া কথা৷
শিশুটিয়ে গোটেই দিন-ৰাতি শোৱাৰ ফলত শৰীৰৰ সমস্ত ঘাটনি বা অভাৱ পূৰণ হয়৷ অকল এয়াই নহয়, শিশুটিয়ে পৰ্যাপ্ত মাত্ৰাত টোপনি যোৱাৰ ফলত গ্ৰোথ হৰমনৰ ক্ষৰণো সঠিক মাত্ৰাত হয়৷ সেয়ে শিশু এটিক পৰ্যাপ্ত টোপনিৰ দৰকাৰ৷
শিশুৱে খেলা-ধূলা কৰিলে তাৰ প্ৰভাৱ শৰীৰৰ পৰে৷ বিশেষজ্ঞই জনোৱা মতে খেলা-ধূলাৰ পৰিৱেশত সময় কটালে শৰীৰে নহয়, মনকো আনন্দিত কৰি ৰাখে৷ মনত ৰখা ভাল যে খেলা-ধূলা বুলি ক’লে মোবাইলৰ ভিডিঅ’ গেম নহয়, ঘৰৰ বাহিৰত বিভিন্ন প্ৰকাৰৰ খেলা-ধূলাৰ ওপৰতহে জোৰ দিয়া উচিত৷
শিশুৰ খোৱাৰ ক্ষেত্ৰত বিশেষ মন দিব লাগে৷ শিশুৱে খোৱা খাদ্যৰ পৰা পুষ্টি পাইছেনে নাই, তালৈ ধ্যান দিব লাগে৷ শিশুৰ বাঢ়ন বয়সত পুষ্টিকৰ খাদ্য খাবলৈ দিয়া অত্যন্ত জৰুৰী৷ যিয়ে শৰীৰৰ ওজন বঢ়োৱাত লগতে হাড়ৰ যত্ন, হৰমনৰ ভাৰসাম্য বজাই ৰখাৰ দৰে সঠিকভাৱে কৰে৷ সেয়ে শিশুক সৰুৰ পৰাই প্ৰ’টিন, ভিটামিন, খনিজ সমৃদ্ধ খাদ্য খোৱাৰ অভ্যাস কৰাব লাগে৷
শিশু অৱস্থাত শৰীৰচৰ্চা নকৰি দিনটোৰ বেছিভাগ সময় মোবাইল ব্যস্ত থকা অভ্যাসে শিশুৰ বাঢ়ি অহাৰ পথত অন্তৰায় হ’ব পাৰে৷ বিভিন্ন গৱেষণাত পোৱা মতে এইধৰণৰ যন্ত্ৰ অত্যধিক ব্যৱহাৰ কৰাৰ ফলত শিশুৰ গ্ৰোথ হৰমনৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ যাৰ ফলত শিশুটিৰ দৈহিক বিকাশত বাধা জন্মিব পাৰে৷
মনৰ বিকাশৰ সৈতে দৈহিক বিকাশৰ পৰোক্ষ সম্বন্ধ আছে৷ সেয়ে সৰুৰে পৰা সন্তানৰ অন্তৰ্মুখী মনোভাব কটাৰ ব্যৱস্থা কৰিব লাগে৷ সময়বসয়ীয়া লগত মিলা-মিছা, মাত-বোল, খেলা-ধূলা কৰা আদি৷ ইয়াৰ লগতে আৱেগ নিয়ন্ত্ৰণ কৰাটোও সমানে গুৰুত্বপূৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here