বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰদিল্লীৰ বাসিন্দাৰ ১০ বছৰ আয়ুস কমিব

0
395


এটা নতুন অধ্যয়ন মতে দিল্লী পৃথিৱীৰ আটাইতকৈ বেছি প্ৰদূষিত মহানগৰ হিচাপে পৰিগণিত হৈছে৷ উক্ত অধ্যয়নটোত লগতে কোৱা হৈছে যে দিল্লীত যদি বৰ্তমানৰ যি প্ৰদূষণৰ মাত্ৰা একে থাকে, তেন্তে দিল্লীৰ বাসিন্দাসকলৰ জীৱনকাল অৰ্থাৎ আয়ুস ১১.৯ বছৰ কমিব৷ চিকাগো ইউনিভাৰছিটিৰ এলাৰ্জি পলিচি ইনষ্টিটিউটে মুকলি কৰা এয়াৰ কোৱালিটি ইনডেক্স মতে ভাৰতৰ ১৩০ কোটি লোকৰ সকলোৱে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা বাৰ্ষিক গড় পাৰ্টিকুলেট পলুশ্যন লেভেলতকৈ বেছি মাত্ৰাত প্ৰদূষক থকা অঞ্চলবোৰত বাস কৰে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত কোৱা হৈছে যে বায়ু প্ৰদূষণ মানৱ জীৱনৰ প্ৰতি বিশ্বৰ বৃহত্তম বাহ্যিক বিপদ৷ কিন্তু বিশ্বৰ মানুহৰ আয়ুস কালত পৰা প্ৰভাৱ ভাৰতকে ধৰি মাত্ৰ ছখন দেশত সীমাবদ্ধ হৈ আছে৷ বাকী দেশকেইখন হ’ল বাংলাদেশ, পাকিস্তান, চীন, নাইজেৰিয়া আৰু ইণ্ডোনেচিয়া৷ এই দেশবোৰত বায়ু প্ৰদূষণৰ কাৰণে মানুহৰ গড় আয়ুস এবছৰৰ পৰা ছয় বছৰ কমে৷ অধ্যয়নটোৰ প্ৰতিবেদন মতে ২০২১ চনৰ পৰা পৃথিৱীৰ বায়ু প্ৰদূষণৰ মাত্ৰা ভয়াৱহ গতিত বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here