১২২ বছৰৰ পাছত ভাৰততআগষ্টত আটাইতকৈ কম বৰষুণ

0
507

ভাৰতত এই বছৰৰ আগষ্ট মাহটো ১৯০১ চনৰ পৰা আটাইতকৈ কম বৰষুণ হোৱা মাহ বা  ড্ৰায়েষ্ট আগষ্ট হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে৷ জ্যেষ্ঠ বতৰ বিজ্ঞানীসকলে কয় যে এই দেখদেখকৈ এল নিনোৰ প্ৰভাৱ৷ তদুপৰি এই বছৰৰ বাৰিষা ২০১৫ চনৰ পৰা আটাইতকৈ শুকান, অৰ্থাৎ আটাইতকৈ কম বৰষুণ হোৱা বাৰিষা হিচাপে পৰিগণিত হ’ব৷ ভাৰতত এই বছৰৰ বাৰিষাত ১৩ শতাংশ বৰষুণ কমিছে৷ আনহাতে আগষ্ট মাহত এইপৰ্যন্ত ৩২ শতাংশ কমিছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ এজন বিষয়াই কয় যে যোৱা আগষ্ট মাহত ভাৰতত ২৫৪.৯ মিলিমিটাৰ বৰষুণ হয়৷ এই পৰিমাণ বাৰিষা কালত হোৱা বৰষুণৰ প্ৰায় ৩০ শতাংশ৷ ইয়াৰ আগতে ১৯১৩, ১৯২০, ১৯৬৫, ২০০৫, ২০০৯ চনৰ আগষ্ট মাহত কম বৰষুণ হৈছিল৷ উল্লেখ্য যে এল নিনো হ’লে বাৰিষা কালত ভাৰতত বতাহ দুৰ্বল হয় বতৰ শুকান হয়৷ এল নিনোৰ প্ৰভাৱৰ কাৰণেই ভাৰতত আগষ্ট মাহত ১২২ বছৰৰ পাছত আটাইতকৈ কম বৰষুণ হোৱা মাহ হিচাপে বিবেচিত হয়৷ এই কথা সদৰী কৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াই৷ উল্লেখ্য যে বাৰিষা কালৰ বৰষুণৰ পৰিমাণ কম হ’লে চাউল, চেনি, মাহজাতীয় শস্য, শাক-পাচলি আজিৰ দৰে অত্যাৱশ্যকীয় খাদ্য শস্য উৎপাদন প্ৰক্ৰিয়াত বাধাপ্ৰাপ্ত হয় আৰু এইধৰণৰ অত্যাৱশ্যকীয় সমাগ্ৰীৰ দাম বৃদ্ধি হয় লগতে খাদ্য সামগ্ৰিক খাদ্য মুদ্ৰাস্ফীতি বাঢ়িব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here