দ্ৰুতভাৱে পেটৰ চৰ্বি কমাবলৈ কি কৰিব ?

0
789


আজিকালি প্ৰায়ভাগ লোকৰে এটা প্ৰধান সমস্যাটো হ’ল পেটত চৰ্বি জমা হোৱাটো৷ এটা নিৰ্দিষ্ট বয়সত পেটত চৰ্বি হোৱাটো যে প্ৰথাগত নিয়মত পৰিণত হৈছে৷ অৱশ্যে ইয়াৰ বাবে দায়ী আমি নিজেই৷ কিয়নো পেটত চৰ্বি জমা হ’বলৈ ধৰোঁতে আমি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰোঁ আৰু এই সমস্যাটোৱে এটা সময়ত বিভিন্ন মাৰাত্নক ৰোগৰ বাহক হৈ পৰে৷ মূলতঃ খাদ্যাভ্যাস, এলাহ, আলসুৱা জীৱন ধাৰা, দেহক কষ্ট দিবলৈ টান পোৱা আদিবোৰেই ইয়াৰ প্ৰধান কাৰণ যদিও আন আনুষংগিক কাৰকেও ক্ৰিয়া কৰে৷ বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে পেটত অতিৰিক্ত চৰ্বি জমা হ’লে বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে৷ পেটত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে৷ এই সমস্যাৰ পৰা সমাধান পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰা হয় যদিও কেতিয়াবা কোনো সুফল পোৱা নাযায়৷ সেয়েহে পেটত জমা হোৱা অত্যধিক চৰ্বি কমাবলৈ নিয়মিত ভাৰোত্তোলন কৰিব পাৰে৷ প্ৰতিদিনে ২০ মিনিট কৰি ভাৰোত্তোলন কৰিলে পেটত জমা হোৱা অনাকাংক্ষিত চৰ্বি কমাত সহায় কৰে৷ সাম্প্ৰতিক এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ তদুপৰি ৱেট টেনিং আৰু এৰোবিক্স একেলগে চলাত দ্ৰুত ফল পোৱা যায়৷ বিশেষকৈ মধ্যবয়সীয়া মহিলাৰ ক্ষেত্ৰত পেটৰ অতিৰিক্ত মেদ কমোৱাত ৱেট টেনিং খুব কাৰ্যকৰী হিচাপে কাম কৰি বুলি গৱেষণাৰ পৰা জনা গৈছে৷ হাৰ্ভাৰ্ড স্কুল অব্‌ হেলথৰ অধ্যাপক ফাংক হুৱে সম্প্ৰতি জনাইছে এই তথ্য৷ আনহাতে যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা আছে, তেওঁলোকে এই পদ্ধতি অনুশীলন কৰাৰ পৰা বিৰত থকা উচিত৷ এই সমীক্ষাটো ৪০ বছৰ বয়সৰ ১০ হাজাৰ ৫০০ গৰাকী নাৰী-পুৰুষৰ মাজত পৰীক্ষা কৰি উক্ত তথ্যটো পোৱা গৈছে৷ এই পৰীক্ষা মতে যিসকলে প্ৰতিদিনে অন্তত ১০ মিনিট ভাৰোত্তোলনঅ অনুশীলন কৰিছিল, তেওঁলোকৰ পেটৰ চৰ্বি দ্ৰুতভাৱে কমি গৈছিল৷ আনহাতে যিসকলে মডাৰেট এৰোবিক্সৰ মাজত আছিল বা যিসকলে সাধাৰণ ব্যায়াম কৰিছিল, তেওঁলোকৰ চৰ্বি কমাত সময় হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here