চন্দ্ৰত অৱতৰণৰ অভিযানত সফলতাৰ পাছত এতিয়া ইছৰ’ই টঙালি বান্ধিছে চন্দ্ৰ অভিযানৰ বাবে৷ এসপ্তাহৰ পাছতে, অহা ২ ছেপ্টেম্বৰত ইছৰ’ই সূৰ্যৰ অধ্যয়নৰ বাবে এটা সৌৰ অভিযান চলাব৷ এই অভিযানৰ বাবে সাজু কৰা যানখনৰ নাম ৰখা হৈছে ‘আদিত্য-এল ১’৷ পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিল’মিটাৰ দূৰৰ এল১-ত [ছান-আৰ্থ লেগ্ৰনজিয়ান পইণ্ট] সৌৰ বতাহ আৰু সৌৰ আলোকমণ্ডল [ছ’লাৰ কৰনা] আদিত্য -এল১ মহাকাশ যানখনে দূৰৰ পৰা পৰ্যবেক্ষণ কৰিব আৰু তাৰ ফল ইছৰ’ক জনাব৷ উল্লেখ্য যে এইটোৱেই হ’ব বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ইছৰ’ৰ প্ৰথম ডেভিকেটেড ভাৰতীয় মহাকাশ অভিযান৷ আদিত্য-এল১ সম্পূৰ্ণৰূপে ঘৰুৱা প্ৰচেষ্টা আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিছে৷ সেইসমূহৰ ভিতৰত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব এষ্ট্ৰফিজিক্স আৰু পুনেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেষ্টাৰ ফল এষ্ট্ৰনমি এণ্ড এষ্ট্ৰফিজিক্স উল্লেখযোগ্য৷ মহাকাশ যানখনত ৭টা আহিলা বা যন্ত্ৰ থাকিব৷ সেইবোৰে সূৰ্যৰ বিভিন্ন তৰপ বা মণ্ডল আৰু কৰনা পৰ্যবেক্ষণ কৰিব৷ বেংগালুৰুত থকা ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত নিৰ্মাণ কৰা আদিত্য-এলৰ দুসপ্তাহৰ আগতে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত থকা ইছৰ’ৰ স্পেচপৰ্টলৈ নিয়া হয়৷ ইছৰ’ৰ এজন বিষয়াই কয় যে যানখন ৰ ছেপ্টেম্বৰত উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে৷