ৰাজ্যখনত শেহতীয়াকৈ জাপানীজ এনেকেফেলাইটিছ [জে ই],¸ ডেংগু আৰু মেলেৰিয়াই সংহাৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰতিদিনেই ৰাজ্যখনত অৰ্ধ শতাধিক লোক এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্তজনকৈ লোক জাপানীজ এনকেফেলাইটিছত আৰু ৫৮জনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে৷ ইয়াক ধৰি ৰাজ্যখনত চলিত বৰ্ষত এতিয়ালৈকে ৪৫৮জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত মৃত্যু হৈছে ২৯জনৰ৷ আনহাতে ডেংগুত আক্ৰান্ত হোৱা ৪১৬৭জন লোকৰ ভিতৰত মৃত্যু হৈছে ৪জনৰ৷ ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ সমানে সমানে ৰাজ্যখনত মেলেৰিয়াতো বহুসংখ্যক লোক আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগে এতিয়ালৈকে ২৮৯জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰিছে যদিও প্ৰকৃতাৰ্থত এই সংখ্যা ইয়াতকৈ বহু বেছি৷ ইফালে ডেংগুই সকলোতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত৷ কাৰ্বি আংলং জিলাত ৩৮জন আৰু ডিমা হাছাও জিলাত ১১জনকৈ লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ উল্লেখ্য যে ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ লগতে ডেংগু ৰোগৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে অহা ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ স্বাস্থ্য মন্ত্ৰ্যালয় আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰিকল্পনা মৰ্মে এই অভিযান ৰূপায়ণ কৰা হ’ব৷