কিডনীৰ সুস্বাস্থ্যৰ বাবেএই ফলকেইবিধ উপকাৰী

0
207


কিডনী আমাৰ শৰীৰৰ বাবে এটা অবিচ্ছেদ্য অংগ৷ আমাৰ শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰি দিয়াই কিডনীৰ প্ৰধান কাম৷ কম পানী খোৱা, দীঘলীয়া সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখা, বাহিৰ খোৱাৰ অভ্যাস, ৰাসায়নিক মিশ্ৰিত শাক-পাচলি খাদ্য গ্ৰহণ কৰা আদি নানা কাৰণত মানুহৰ কিডনী সমস্যাই দেখা দিব পাৰে৷ আজিকালি প্ৰায়ভাগ লোকেই কম বয়সতে কিডনীৰ সমস্যাত ভোগে৷ কিডনীৰ কোনোধৰণৰ সমস্যা হ’লে বহু পলমকৈহে ধৰা পৰে৷ কাৰণ ইয়াৰ উপসৰ্গবোৰ ইমান লাহে লাহে দেখা দিয়ে যে সহজে ধৰিবই নোৱাৰি৷ সেয়ে কিডনী ভালে ৰাখিবলৈ খাদ্যৰ ওপৰত বিশেষ নজৰ দিব লাগে৷ চিকিৎসকে জনোৱা মতে কিডনীত পাথৰ হোৱাৰ সমস্যা নোহোৱা কৰিবলৈ কেইবিধমান ফল খালে সুফল পোৱা যায়৷ জানো আহক কিডনী সুস্থ আৰু ভালে ৰাখিবলৈ কি ফল খোৱা উচিত৷
ভিটামিন-চি সমৃদ্ধ ছাইট্ৰাছ গোত্ৰৰ ফলে কিডনীত পাথৰ জমা হ’বলৈ নিদিয়ে৷ এইধৰণৰ ফল অৰ্থাৎ ভিটামিন-চিযুক্ত ফল নিয়মিতভাৱে খোৱা উচিত৷ নেমু টেঙা, কমলা টেঙা, আনাৰস, ষ্ট্ৰবেৰি, পাতিনেমু আদিয়ে কিডনী ভালে ৰখাত যথেষ্ট সহায় কৰে৷ এচিডজাতীয় উপাদানৰ উপৰি এই ফলত থকা ভিটামিন-চিয়ে কিডনী সুৰক্ষিত কৰি ৰাখে৷
কিডনী ভালে ৰাখিবলৈ বেদনা যথেষ্ট উপকাৰী৷ বেদনাত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কিডনীক যিকোনো সমস্যাৰ পৰা আঁতৰত ৰাখে৷ সেয়ে দৈনিক খাদ্য তালিকাত বেদনা অন্তৰ্ভুক্ত কৰক৷
ষ্ট্ৰবেৰিত অক্সালেটছ নামৰ এবিধ উপাদান থাকে৷ এই উপাদানে কিডনীৰ সুৰক্ষা বজাই ৰাখে৷ কিডনীজনিত যিকোনো সমস্যা সমাধানৰ বাবে এই উপাদানবিধে ক্ষিপ্ৰতাৰে কাম কৰি কিডনী সুস্থ-সবল কৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here