প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰেবঢ়াইছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ

0
158


শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি বিশ্বৰ ভিতৰতে গুৱাহাটী মহানগৰৰ বায়ুত বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি পাইছে৷ দিনক দিনে ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰত বৃদ্ধি পোৱা জনসংখ্যা, যান-বাহন, কল-কাৰখানা আৰু তাৰ বিপৰীতে গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই পৰিৱেশৰ তাৰতম্য ঘটাৰ লগতে বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণো বৃদ্ধি পাইছে৷ আনহাতে শেহতীয়া তথ্য অনুসৰি গুৱাহাটীত অধিক বৃদ্ধি পোৱা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে প্ৰদূষণ বৃদ্ধিত অধিক অৰিহণা যোগাইছে৷ মহানগৰৰ চৌপাশে এতিয়া প্লাষ্টিকজাতীয় সামগ্ৰীৰ আৱৰ্জনাৰ দ’ম৷ নলা-নৰ্দমা, নদী, পথ, যিফালেই চোৱা হয় সকলোতেই পৰি থকা প্লাষ্টিকজাতীয় সামগ্ৰীৰ দ’ম এতিয়া মহানগৰত সুলভ হৈ পৰিছে৷ অধিক বৃদ্ধি পোৱা যান-বাহন, কল-কাৰখানা আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰে মহানগৰত অধিক বৃদ্ধি কৰিছে ৰোগৰ প্ৰাদুৰ্ভাৱ৷ ২০১৭ বৰ্ষত মহানগৰৰ চন্দ্ৰপুৰত সৃষ্টি হোৱা অচিন ৰোগৰ আতংকৰ কথা সকলোৰে মনত আছে৷ এই অচিন ৰোগত ৩০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে কেইবাজনেও প্ৰাণ হেৰুৱাইছিল৷ বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছিল এই ৰোগ৷ অঞ্চলটোত বৃদ্ধি পোৱা ইটাভাতীৰ বিষাক্ত পদাৰ্থ, নুনমাটি তেল শোধনাগাৰ আৰু আছাম ৰুফিং লিমিটেডৰ পৰা পেলাই দিয়া বৰ্জিত পদাৰ্থ পানীত মিহলি হৈ প্ৰদূষিত হৈ পৰা পানীৰ বাবেই এই অচিন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছিল৷ মহানগৰৰ বিভিন্ন ঠাইত বৃদ্ধি পোৱা কল-কাৰাখানা আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বাবেই অধিক ৰোগৰ সৃষ্টি হৈছে যদিও এই ক্ষেত্ৰত এতিয়াও পৰ্যাপ্ত সজাগতাৰ অভাৱ৷ প্ৰদূষণৰ ফলত মহানগৰবাসীৰ মাজত ৰোগৰ সংখ্যাও বৃদ্ধি পাইছে৷ মহানগৰত এনেদৰে ভয়ানক গতিত পৰিৱেশ প্ৰদূষণ হৈ থকাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ¸ব্যৱস্থা গ্ৰহণ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here