চাকৰি খণ্ডতো প্ৰভাৱপেলাইছে কৃত্ৰিম বুদ্ধিমত্তাই

0
190


বৰ্তমান সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তা বা এ আইৰ আধিপত্য বৃদ্ধি পাবলৈ ধৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কেইবা ঘণ্টাতো কৰিব নোৱৰা কাম মুহূৰ্তৰ ভিতৰতে সম্পন্ন কৰিব পৰা হৈছে৷ এয়া এক ইতিবাচক দিশ হ’লেও ইয়াৰ গুৰুতৰ নেতিবাচক দিশটো হ’ল কৃত্ৰিম বুদ্ধিমত্তাই চাকৰি খণ্ডতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ বিশেষজ্ঞসকলৰ মতে কৃত্ৰিম বুদ্ধিমত্তাই ব্যাপক হাৰত মানুহৰ চাকৰি কাঢ়ি নিব৷ অখন নতুন গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হ’ব মহিলাসকল৷ কৃত্ৰিম বুদ্ধিমত্তাই চাকৰিত প্ৰতি কেনেদৰে ভাবুকিৰ সৃষ্টি কৰিব পাৰে, সেই বিষয়ে মেকেঞ্জী গ্ল’বেল ইন্‌ষ্টিটিউটে এটা অধ্যয়ন কৰিছিল৷ ইয়াৰ প্ৰতিবেদনত এই বুলি দাবী কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাই চাকৰি কৰাৰ আটাইতকৈ বেছি প্ৰভাৱিত হ’ব মহিলাসকল৷ কেইবাটাও খণ্ডত মহিলাৰ পদৰ সংখ্যা হ্ৰাস পাব৷ ২০৩০ চনলৈ এক তৃতীয়াংশ কৰ্মঘণ্টা পূৰণ কৰিব মেচিনে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি কম বেতন পোৱা চাকৰিত সৰ্বাধিকসংখ্যক মহিলা নিযুক্ত হৈ আছে৷ কৃত্ৰিম বুদ্ধিমত্তাই এই খণ্ডটোত আটাইতকৈ বেছি প্ৰভাৱ পেলাব৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে গ্ৰাহক সেৱা, ছেলছ অফিচ আৰু ফুড ছাৰ্ভিচেজসহ সৰ্বাধিক মহিলা নিযুক্ত হৈ থকা খণ্ডত মেচিন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি পাব৷ কেনন ফ্ৰেগলাৰ বিজিনেছ স্কুলৰ মতে বৰ্তমান পুৰুষৰ তুলনাত ৮০ শতাংশ চাকৰিজীৱী মহিলা এনে খণ্ডত নিয়োজিত হৈ আছে, য’ত কৃত্ৰিম বুদ্ধিমত্তাই তেওঁলোকৰ স্থান লোৱাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি অধিকাংশ উদ্যোগে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত অিধক গুৰুত্ব আৰোপ কৰিবলৈ লৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here