ভাৰতীয়সকলৰ বাবে এক ঐতিহাসিক ক্ষণ ৰচনা হ’ল৷ কিয়নো বিভিন্ন ঘাত-প্ৰতিঘাত, সমস্যাৰ মাজেৰে এক কঠিন বাটেৰে ২৩ আগষ্টত নিৰ্ধাৰিত সময় অনুসৰি সন্ধিয়া ৬-০৪ বজাত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিলে৷ এই শুভক্ষণত ইছৰ’ৰ বিজ্ঞানীসকলৰ লগত সমগ্ৰ দেশবাসীয়ে আজি আনন্দত আত্মহাৰা হৈ পৰিছে৷ এই সাফল্যত উৎফুল্ল হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী৷ জোহান্সবাৰ্গলৈ জি২০ শীৰ্ষক সন্মিলনত ভাগ ল’বলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী ইছৰ’ৰ এই সাফল্যত অংশগ্ৰহণ কৰে আৰু দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ ভাৰতৰ এই মহাকাশ অভিযানৰ সাফল্যক বিভিন্ন দেশে অভিনন্দন জ্ঞাপন কৰিছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ বিক্ৰমে জোনবাইৰ বুকুত অৱতৰণ কৰাৰ লগে লগে সমগ্ৰ ভাৰতীয়ৰ লগতে ইছৰ’ৰ বিজ্ঞানীয়ে আনন্দত আত্মহাৰা হৈ পৰে৷ চন্দ্ৰযান-৩ৰ এই সাফল্যই সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিলে৷ চন্দ্ৰৰ বুকুত লেণ্ডাৰ বিক্ৰম আৱতৰণ কৰাৰ পাছতে চন্দ্ৰত নামিব ৰোভাৰ প্ৰজ্ঞান আৰু এতিয়া এই প্ৰজ্ঞান ওলাই অহাৰ পাছতে চন্দ্ৰৰ বুকুত থকা সকলো উদ্ঘাটন উন্মোচন কৰিব৷ আনহাতে চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে উৰুৱালে দেশৰ জাতীয় পতাকাৰ লগতে ইছৰ’ৰ লগোও৷ স্মৰ্তব্য যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থান কৰা ভাৰতেই হ’ল বিশ্বৰ প্ৰথমখন দেশ৷ উল্লেখ্য যে ভাৰতৰ চন্দ্ৰযান-২ অভিযান অৱতৰণৰ সময়ত ধবংসপ্ৰাপ্ত হৈছিল৷ ২০১৯ত প্ৰেৰণ কৰা চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷ অৰ্বিটাৰে চন্দ্ৰক পৰিভ্ৰমণ কৰি জোনবাইৰ নতুন নতুন তথ্যৰ যোগান ধৰিছে৷ এটা কথা ঠিক যে চন্দ্ৰত মহাকাশযান অৱতৰণ যথেষ্ট বিপদসংকুল৷ চীনৰ বাদে বিশ্বৰ কোনো দেশেই চন্দ্ৰত প্ৰথমবাৰতে মহাকাশ যানৰ অৱতৰণত সফল হোৱা নাই৷ পৃথিৱীৰ পৰা ৩.৮৪ লাখ কিল’মিটাৰ আঁতৰত থকা চন্দ্ৰপৃষ্ঠত মহাকাশযানৰ অৱতৰণ বিপদসংকুল হোৱাৰ কাৰণো আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল চন্দ্ৰৰ বায়ুমণ্ডল৷ চন্দ্ৰৰ বায়ুমণ্ডল পৃথিৱীতকৈ ৮ গুণ পাতল আৰু সেয়েহে পেৰাছুটৰ জৰিয়তে মহাকাশযানৰ অৱতৰণ সহজ নহয়৷ আনহাতে চন্দ্ৰত অৱতৰণ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ ইন্ধনৰ প্ৰয়োজন হয়৷ যানখনে সেই সময়ত বিপৰীত দিশত বল প্ৰয়োগ কৰি তললৈ নমাৰ গতি হ্ৰাস কৰে৷ কিন্তু ইমান বৃহৎ পৰিমাণৰ ইন্ধন লৈ যোৱাটো বিপজ্জনক হ’ব পাৰে৷ ইয়াৰ লগতে চন্দ্ৰৰ ধূলিয়ে মহাকাশযানৰ চেন্সৰৰ ক্ষতি কৰাৰ আশংকাও থাকে৷ আন এটা সমস্যা হ’ল ওখোৰা-মোখোৰা উপৰিভাগ৷ সেয়েহে যিকোনো যানৰ বাবে চন্দ্ৰৰ উপৰিভাগত অৱতৰণ কৰাটো প্ৰত্যাহবানমূলক হৈ পৰে৷ এই সকলো প্ৰত্যাহবান নেওচি ভাৰতৰ চন্দ্ৰযান-৩ এ যি বিশ্ব অভিলেখ সৃষ্টি কৰি এক সোণালী ইতিহাসৰ সৃষ্টি কৰিলে তাৰ বাবে এতিয়া সমগ্ৰ বিশ্ববাসীয়ে ভাৰতৰ এই সাফল্যক স্বীকাৰ কৰিছে৷