শিশুৱে দৈনিক মাত্ৰ দুঘণ্টাহে ব্যৱহাৰ কৰিব পাৰিব স্মাৰ্টফোন : ক’ত?

0
272

আজিকালি স্মাৰ্টফোনটো এটা অত্যাৱশ্যকীয় আহিলা হৈ পৰিছে৷ কি ডেকা কি বৃদ্ধ সকলোৰে মাজত স্মাৰ্টফোন জনপ্ৰিয় হৈ উঠিছে৷ মুঠতে স্মাৰ্টফোনৰ ব্যৱহাৰৰ আসক্তি এইদৰে শিপাইছে যে মানৱ সমাজত অদূৰ ভৱিষ্যতে কি প্ৰভাৱ পেলায়, সেয়া লক্ষণীয় হ’ব৷ কম বয়সীয়া শিশুৰ মাজত মোবাইলৰ আসক্তিয়ে ভয়াৱহ ইংগিত দিছে৷ সহজে পোৱা বিভিন্ন ভিডিঅ’ গেম, কাৰ্টুন আদিয়ে শিশুৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত বিৰূপ  প্ৰভাৱ পেলাইছে৷ দেখা গৈছে যে খোৱা-শোৱা বাদ দি টোপনি খতি কৰি গোটেই ৰাতি মোবাইলত ব্যস্ত থকাৰ ফলত সকলো ক্ষেত্ৰতে যথেষ্ট ক্ষতি কৰিছে৷ শিশুৰ মাজত স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰলৈ চাই শিশুৰ স্মাৰ্টফোনৰ ব্যৱহাৰ সময় নিৰ্ধাৰণ কৰি দিছে চীনা চৰকাৰে৷ দেশখনে শিশুৰ ক্ষেত্ৰত স্মাৰ্টফোনৰ ব্যৱহাৰৰ সময় হ্ৰাস কৰি মানসিক উৎকৰ্ষ সাধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেয়ে ছ’চিয়েল মিডিয়া, ইণ্টাৰনেট, অনলাইট গেমিং আদিত যাতে অধিক সময় ব্যয় নকৰে, তাৰ বাবে চৰকাৰে শিশুৰ মোবাইল ব্যৱহাৰত কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে৷  চাইবাৰ প্ৰেছ এডমিনিষ্ট্ৰেশ্যন অব চাইনাই জাৰি কৰা নিৰ্দেশনা মতে কোনো শিশুৱে যাতে নিশা দহ বজাৰ পৰা পুৱা ছয় বজালৈ মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে তালৈ সতৰ্ক কৰি দিছে৷ ইয়াৰ লগতে ১৬ ৰপৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীয়ে দৈনিক দুঘণ্টাকৈয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব৷ আনহাতে আঠৰ পৰা পোন্ধৰ বছৰ বয়সীয়া শিশুৰ ক্ষেত্ৰত এই সময় এঘণ্টা ধাৰ্য কৰিছে৷ দেশখনৰ এক পদক্ষেপত সকলোৱে আদৰণি জনাইছে৷ সম্প্ৰতি শিশুৰ মাজৰ বৃদ্ধি পোৱা মোবাইল আসক্তিৰ বাবেই চীনা চৰকাৰে এনে পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here