ভৱিষ্যতৰ বিশ্বৰ অৱস্থাসম্পৰ্কে কি কয় বিজ্ঞানীয়ে

0
684


আজিৰ বিশ্বৰ যিবোৰ আমি দেখিবলৈ পাইছে, সেই সকলোবোৰ ভৱিষ্যতে থাকিবনে? অতীতত বিশ্বৰ অৱস্থান, ইয়াৰ পৰিৱেশ-পৰিস্থিতি কেনেকুৱা আছিল আজি আমি গৱেষণাৰ জৰিয়তে জানিব পাৰিছোঁ৷ লগতে বৰ্তমান বিশ্বৰ অৱস্থা দেখি আছোঁ¸৷ কিন্তু ভৱিষ্য¸তে বিশ্বৰ আজিৰ এই অৱস্থা থাকিবনে,তেতিয়া বা কেনে ৰূপ লয় আদি কথাবোৰ জানিবলৈ সকলোৰে মন যায় নি(য়৷ শেহতীয়ভাৱে ভৱিষ্যতৰ বিশ্ব সম্পৰ্কে এজন টাইম ট্ৰাভেলাৰে কিছু কথা ব্যক্ত কৰিছে৷ তেওঁ ৩৯৭৭ বছৰ পাছত বিশ্বৰ আজিৰ এই অৱস্থাৰ কেনেধৰণৰ পৰিৱৰ্তন হ’ব বা সেই সময়ত প্ৰযুক্তিৰ পৰিৱৰ্তন সম্পৰ্কে তথ্য প্ৰকাশ কৰিছে৷ পেৰামৰমাল তথা ৰহস্যজনক বিষয়ৰ বিশেষজ্ঞ এপেক্স টিভিত ব্যক্তিজনৰ ভিডিঅ’ আপলোড কৰা হৈছে৷ অৱশ্যে ইয়াত স্পষ্টভাৱে সকলো দেখা পোৱা নাই৷ আনহাতে ভিডিঅ’টোত ব্যক্তিজনৰ কণ্ঠস্বৰো খুব অস্পষ্ট হৈছে৷ এই অদ্ভুত ভিডিঅ’টো টাইম ট্ৰাভেলাৰজনৰ বুলি দাবী কৰিছে৷ তেওঁ লগতে ভৱিষ্যত বিশ্ব সম্পৰ্কে দাবী কৰে যে ৩৯৭৭ বছৰ পাছত সমগ্ৰ বিশ্বই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত বাস কৰিব৷ সেই সময়ত প্ৰযুক্তি, ঔষধ, আধুনিক জীৱনশৈলী, চৰকাৰ, প্ৰশাসন সকলো পুৰণি দিনৰ লেখীয়া হ’ব৷ কেৱল কৃত্ৰিম বুদ্ধিমত্তাই সকলোখিনি সমাধান কৰিব৷ ইয়াৰ কিছু ফটোও তেওঁ চেয়াৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here