চাহ সেৱনকাৰীসকলৰ বাবে সুখবৰ৷ সঘনাই চাহ খোৱাসকলে এইবাৰ অতি সহজে চাহ প্ৰস্তুত কৰিব পাৰিব৷ কিয়নো শেহতীয়াভাৱে চাহৰ গুড়ি তৈয়াৰৰ প্ৰযুক্তি প্ৰস্তুত কৰি উলিয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে৷ এই প্ৰযুক্তি কৌশল উদ্ভাৱনৰ ফলত চাহপ্ৰেমীৰ লগতে চাহ উৎপাদকসকলেও যথেষ্ট সুফল পাব৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দাবী এই উদ্ভাৱনে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ চাহ পাউডাৰ তথা এই প্ৰযুক্তিয়ে চাহ শিল্পৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰিব৷ ইয়াৰ ফলত অধিক লাভৱান হ’ব চাহ উৎপাদকসকলো৷ কৃষি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে ইয়াৰ ফলত ৰাজ্যত পাঁচশৰো বেছি জৈৱিক চাহৰ উপকৃত হ’ব৷ উল্লেখ্য যে নতুন এই টেকনলজি প্ৰস্তুত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অদিতি স্মিথ গগৈয়ে৷ অধ্যাপিকা গগৈয়ে জানিব দিয়ে যে ইয়াৰ খৰচ খুব কম৷ এই প্ৰযুক্তিৰ জৰিয়তে সহজ পদ্ধতিৰে কাম সম্পন্ন কৰিব পৰা যাব৷ চাহপাত শুকাই তথা পিচি সূক্ষ্ম কৰাৰ পাছত গুড়ি কৰি চাহ পাউডাৰ তৈয়াৰ কৰা হয়৷ ইয়াক গৰম পানীত দি খোৱা হয়৷ বিজ্ঞানীয়ে জনাইছে যে চাহৰ গুড়ি এণ্টিঅক্সিডেণ্টৰ এটা ভাল উৎস৷ এই গুড়িয়ে শৰীৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ উল্লেখ্য যে এই নতুন প্ৰযুক্তিয়ে গ্ৰাহকসকলৰ উপকৃত কৰিব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে৷ সাধাৰণভাৱে চাহ খাবলৈ বিচাৰিছে এই চাহ পাউডাৰ খোৱাটো অত্যন্ত সুবিধাজনক তথা সাশ্ৰয়ী উপায়৷ ইয়াৰ লগতে দীৰ্ঘসময়ৰ বাবে ইয়াক সংৰক্ষণ কৰিব পাৰে আৰু ইয়াক পৰিবহণ কৰাও অতি সহজ৷ কৃষি বিজ্ঞানীসকলে এই চাহ পাউডাৰ ৰাজ্যৰ লগতে বাহিৰতো সকলোৱে আদৰি ল’ব বুলি আশা কৰিছে৷