কণী আমাৰ শৰীৰৰ বাবে উত্তম খাদ্য৷ প্ৰ’টিনেৰে ভৰপূৰ কণীয়ে শৰীৰৰ নানা উপকাৰ সাধন কৰে৷ হাঁহ, মুৰ্গীৰ পৰা আমি এই কণী পাওঁ৷ এতিয়া কথাটো হ’ল কোনবিধ কণী শৰীৰৰ বাবে বেছি উপকাৰী– হাঁহ, মুৰ্গী নে কোয়েলৰ৷ এই সম্পৰ্কে আমি কিছু কথা জানো আহক৷
মুৰ্গীৰ কণীত সাধাৰণতে হাঁহৰ কণীৰ তুলনাত চৰ্বি আৰু কেলৰি কম থাকে৷ যিসকল লোকে ওজন তথা চৰ্বি কমাব বিচাৰে তেওঁলোকৰ বাবে হাঁহৰ কণীতকৈ মুৰ্গীৰ কণী ভাল৷ আনহাতে মুৰ্গীৰ কণী সস্তা আৰু সহজলভ্যও৷ বহুতৰে আকৌ হাঁহৰ কণী খালে এলাৰ্জিৰ সৃষ্টি হয়৷ আনহাতে আমি যদি চাওঁ দেখিব যে কণীৰ ভিতৰত একমাত্ৰ কোয়েলৰ কণীৰ পুষ্টিগুণ বেছি৷ বিশেষজ্ঞই জনোৱা মতে নিয়মিতভাৱে মুৰ্গীৰ কণী খালে কলেষ্টৰেলৰ মাত্ৰা বাঢ়িব হৃদৰোগৰ হোৱাৰ সম্ভাৱনা থাকে৷ এই ক্ষেত্ৰত ফাৰ্ম বা ঘৰতে পোহা মুৰ্গীৰ কণীৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই৷ আনহাতে কোয়েলৰ কণীত ৰিবোফ্লেভিন থাকে৷ ইয়াত ভিটামিন-বি২ পোৱা যায়, যি দেহৰ বিভিন্ন শাৰীৰবৃত্তীয় প্ৰক্ৰিয়াত উপকাৰী৷ কোয়েলৰ কণীত থকা ভিটামিন-বি২ৰ লগতে অন্য বি শ্ৰেণীৰ ভিটামিনৰ উপাদানবোৰে লিভাৰ, ছাল, চুলি আৰু চকুৰ সুস্থতাৰ বাবে যথেষ্ট কাৰ্যকৰী৷ ইয়াৰ কণীত ছেলেনিয়াম খনিজ পদাৰ্থ থাকে৷ এই উপাদানটোৱে প্ৰ’ষ্টেট কেঞ্চাৰৰ সম্ভাৱনা কমাই ৰাখে৷ ছেলেনিয়ামত পোৱা এণ্টিঅক্সিডেণ্টে দেহকোষৰ ক্ষয় ৰোধ কৰাত সহায় কৰে৷ কোয়েলৰ কণীত থকা ভিটামিন-এ-এ চকুৰ দৃষ্টিশক্তি উন্নত হোৱাত সহায় কৰে৷ মন কৰিবলগীয়া যে কোয়েল কণীত এলাৰ্জেন কম্পাউণ্ডৰ মাত্ৰা বেছি থাকে বাবে এলাৰ্জি সম্পৰ্কীয় সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল৷ আনহাতে হালধীয়া বা ৰঙা-হালধীয়া ৰঙৰ কণীৰ কুহুমৰ পুষ্টিগুণ বহু বেছি, ছাই ৰঙৰ কুহুমৰ পুষ্টিগুণ কম থাকে আদি ধাৰণা সম্পূৰ্ণ অমূলক৷ ফাৰ্মৰ মুৰ্গীয়ে কৃত্ৰিম খাদ্য গ্ৰহণ কৰা বাবে কণীৰ বৰণ ৰঙা-হালধীয়া বা ছাই বৰণৰ হয়৷ ইয়াৰ লগতে প্ৰাকৃতিক খাদ্য খোৱাৰ ফলত ঘৰচীয়া মুৰ্গীৰ কণীত প্ৰ’টিনৰ পৰিমাণ যথেষ্ট থাকে যদিও ফেট কমকৈ থাকে৷