যোৱা কেইদিনমান ধৰি দেশবাসীৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো চৰ্চিত হৈ আছে ISRO৷ কিয়নো ISRO ইতিমধ্যে চন্দ্ৰযান-৩ চন্দ্ৰলৈ সফলতাৰে উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কেৱল এইটো অভিযানে হয়, বিগত এবছৰ এটাৰ পাছত আনটো সাফল্য অৰ্জন কৰিছে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ISRO-এ৷ বেংগালুৰুৰ ISRO-ৰ কাৰ্যালয়ত ISRO-ৰ অধ্যক্ষ এছ সোমনাথে বিগত এবছৰৰ সাফল্যৰ বিষয়ে জানিবলৈ দিয়ে৷ সোমনাথে কয় যে যোৱা এবছৰত ISRO-এ একাধিক সফল মিছন সমপন কৰিছে৷ ইয়াৰ বাবে তেওঁ ISRO-ৰ কৰ্মীসকলৰ ধন্যবাদ জনায়৷ ছেটেলাইট লঞ্চৰ পৰা আৰম্ভ কৰি ৰকেট প্ৰস্তুত তথা উৎক্ষেপণ সমস্ত কাৰ্যই এই বছৰত সমাপন কৰি এটাৰ পাছত আন এটা ৰেকৰ্ড গঢ়িছে ISRO-এ৷ চন্দ্ৰযান-৩১ প্ৰসংগত তেওঁ কয় যে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ অভিযান আৰু এই মহাকাশযানত সফল লেণ্ডিঙৰ ওপৰত বিশ্বৰে দৃষ্টি নিবদ্ধ আছে৷ আনহাতে এছ এছ এল ভি ৰকেট প্ৰস্তুত কৰাত ISRO সফল হৈছে৷ ইয়াৰ উপৰি বিগত বছৰত ISRO-ৰ বাণিজ্যিক উৎক্ষেপণৰ বাবে এল ভি এম৩ অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল৷ আনহাতে কেইসপ্তাহমানৰ ভিতৰতে উৎক্ষেপণৰ কাৰণে প্ৰস্তুত কৰা আদিত্য এল ৰ, যি দেশৰ প্ৰথম সৌৰ মিছন হ’ব, সেয়াও ইছৰ’ৰ এই বছৰৰ অন্যতম সাফল্য হিচাপে চিহ্নিত হৈছে৷ ISRO-ৰ অধ্যক্ষ সোমনাথে জানিবলৈ দিয়ে যে বিগত সময়ত ISRO-ৰ কেইবাটাও উল্লেখযোগ্য মিছন আছে, তাৰ ভিতৰত এক্স ৱে পোলাৰমিটাৰ ছেটেলাইট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে৷ ইয়াৰ বাহিেৰও INSAT 3DS, গগনযান টেষ্ট ভেহিকল মিছন, গগনযান আনমোল্ড মিছন তথা ইণ্ডো নিছাৰ মিছনৰ লেখীয়া উল্লেখযোগ্য মিছনৰ প্ৰস্তুতি চলি আছে৷