বিশ্বৰ আটাইতকৈ দামী সাপডাল ক’ত পোৱা যায় জানেনে ?

0
347


সাপ দেখিলেই বহুতেই ভয় খায়৷ আনহাতে সাপে খুঁটিলে মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা এশ শতাংশই থাকে, যদিহে খোঁটা সাপডাল বিষধৰ হয়৷ বহুতেই সাপে খুঁটিলে ভয়তে হাৰ্ট এটেক হৈয়ে মৃত্যু হয়৷ সেয়ে সাপৰ পৰা আঁতৰত থকাটোৱে শ্ৰেয়৷ শুনি হয়তো আচৰিত হ’ব যে বিশ্বত এনেকুৱা সাপো আছে, যাৰ দাম লাখ বা কোটিৰ ঘৰত৷ ভয়-শংকা কাটি কৰি টকাৰ লোভত এনেকুৱা এডাল সাপ পাবলৈ বোধহয় বহুতেই বিচৰিব৷ এই প্ৰজাতিৰ সাপ এডাল ইমানেই দাম যে এডাল সাপ বিক্ৰী কৰিব পাৰিলে আপুনি দিল্লী, মুম্বাইৰ দৰে মহানগৰীতো অনায়াসে এটা অত্যাধুনিক ফ্লেট তথা বিলাসী গাড়ী কিনিব পাৰিব৷ বিশ্বৰ ভিতৰত দামী এই সাপবিধৰ নাম হ’ল গ্ৰীন ট্ৰী পাইথন৷ এই সাপবিধৰ বিশেষত্ব হ’ল ইয়াৰ গাৰ ৰং সেউজীয়া৷ আনহাতে দেখিবলৈও ধুনীয়া এই প্ৰজাতিৰ সাপবিধ৷ দ্য ৰিচেষ্ট ডটকমৰ মতে এই প্ৰজাতিৰ এডাল সাপ প্ৰায় দুই মিটাৰমান দীঘল হয় আৰু ইয়াৰ ওজন ডেৰৰ পৰা দুই কিলোগ্ৰামৰ ভিতৰত৷ মাইকী গ্ৰীন ট্ৰী পাইথন অধিক ওজনৰ আৰু দীঘল হয়৷ সাধাৰণতে এই প্ৰজাতিৰ সাপ পাপুৱা নিউগিনি, অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়াৰ দ্বীপসমূহত দেখিবলৈ পোৱা যায়৷ বিৰল প্ৰজাতিৰ এই সাপবিধৰ এডালৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় তিনি কোটি টকা৷ অৱশ্যে এই প্ৰজাতিৰ নীলা ৰঙৰ সাপো পোৱা যায়৷ কিন্তু নীলা ৰঙৰ সাপৰ প্ৰজাতিবিধ এতিয়া অত্যন্ত দুৰ্লভ হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here