বৰ্তমান দ্ৰুততৰ জীৱনত বেছিভাগ মানুহৰে সময়ৰ খুব অভাৱ৷ ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ হোৱা ব্যস্ত জীৱনশৈলীত সকলো কামতেই সময় নিধাৰ্ৰণ কৰা থাকে৷ ইয়াৰ এক ছেকেণ্ডো ব্যতিক্ৰম হ’লে গোটেই দিনপঞ্জীতেই খেলিমেলি লাগে৷ ইয়াৰ ভিতৰত খোৱা কাৰ্যটোও খুব কম সময়তে দ্ৰুতগতিত সমাপন কৰা হয়৷ আমাৰ পূৰ্বজসকলে বা ডাঙৰৰ মুখত শুনিবলৈ পোৱা যায় যে খোৱা কামখিনি খুব লাহে লাহে, চেবাই মেলিহে খোৱা উচিত৷ কিন্ত বৰ্তমান দ্ৰুততৰ জীৱনচৰ্যাত বেছিভাগ মানুহেই খুব কম সময়ৰ ব্যৱধানত খোৱা কাৰ্যখিনি সমাপন কৰে৷ আপুনি হয়তো লক্ষ্য কৰিছে যে বহুতৰে পুৱাৰ বেলা অফিচ যোৱাৰ সময়খিনি ঠিকমতে নোচোবাই এনেয়েই কেইটামান নাকে-মুখে গুঁজি খৰধৰকৈ খাবলগীয়া হয়৷ ঠিক একেদৰে অফিচৰ লাঞ্চ বিৰতিৰ সময়খিনিকো কামৰ তাগিদাত খাদ্য দ্ৰুতভাৱে খাব লগা হয়৷ কিন্তু এইদৰে খাদ্য গ্ৰহণ কৰা জানো উচিত৷ খৰধৰ তথা খুব কম সময় লৈ খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰৰ কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰে সেই কথা জনাবলৈ বিচাৰিছোঁ৷
খাদ্য কেনেদৰে গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে বিখ্যাত পুষ্টিবিদ নিখিল ভাটে কোৱা মতে আপুনি যদি সু্স্থ হৈ থাকিবলৈ বিচাৰে, তেনেহ’লে প্ৰায় ২৫-৩০ মিনিট ধৰি আপুনি খাদ্য গ্ৰহণ কৰক৷ আপুনি সম্পূৰ্ণ শান্তভাৱে আৰু খাদ্যবস্তু লাহে লাহে ভালদৰে চোবাইহে খাদ্য গ্ৰহণ কৰক৷ মুখত লোৱা খাদ্যখিনি সাধাৰণতে ২০-৩০ বাৰ এবাৰত চোবাইহে ভিতৰলৈ পঠিয়াওক৷ ইয়াৰ বিপৰীতে আপুনি যদি বুলেট ট্ৰেইনৰ দৰে খাদ্য গ্ৰহণ কৰে, ই খাদ্যনলা বা গলত লাগি ধৰিব পাৰে৷ খাদ্য খাওঁতে এইদৰে কেতিয়াবা লাগি ধৰি বিপদ ঘটাবও পাৰে৷
খাদ্য খৰধৰকৈ খোৱাৰ ফলত আমাৰ পৰিপাকতন্ত্ৰৰ ওপৰত সাংঘাতিক চাপ পৰে৷ সেয়ে খাদ্য চোবাই ধীৰে ধীৰে খালে পৰিপাকতন্ত্ৰৰ কাম বহুখিনি সহজ হৈ পৰে৷
খাদ্য দ্ৰুতভাৱে গ্ৰহণ কৰাৰ ফলত বদহজম, কোষ্ঠকাঠিন্য, গেছ, অম্বৰ, এচিডিটিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ যিয়ে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱিত কৰে৷ মনত ৰখা ভাল যে খাদ্য ভালদৰে চোবাই খোৱাৰ ফলত পেটৰ অভ্যন্তৰীণ কামবোৰ সহজ হৈ পৰে৷
দ্ৰুতগতিত খাদ্য খোৱাৰ ফলত আন এটা সমস্যাই দেখা দিব পাৰে, সেইটো হ’ল শৰীৰৰ ওজন দ্ৰুতভাৱে বৃদ্ধি পোৱা৷ পেট আৰু কোমৰত এই বদঅভ্যাসৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়৷ পেট, কোমৰত চৰ্বি জমা হ’বলৈ ধৰে৷
তড়িৎ গতিত খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ ডায়েবেটিছৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে৷ কাৰণ এই অভ্যাসৰ ফলত শৰীৰত ইনছুলিনৰ প্ৰভাৱ কমায় তথা তেজত শৰ্কৰাৰ মাত্ৰা বঢ়াই দিয়ে৷
এই অভ্যাসৰ কাৰণে আপুনি মেটাবলিক চিনড্ৰোমৰ চিকাৰো হ’ব পাৰে৷ যাৰ কাৰণে ৰক্তচাপ নিয়ন্ত্ৰণত অসুবিধা হয়, যাৰ বাবে হাৰ্ট এটেকৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷