দিল্লীৰ পৰা আঁতৰোৱা হ’ব পথৰ কুকুৰ : কাৰণ জানিলে চমকি উঠিব

0
382


অহা ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব জি-২০ৰ অন্তৰ্ভুক্ত দেশসমূহৰ শীৰ্ষ সন্মিলন৷ তাৰ আগে আগে ৰাজধানী দিল্লীৰ পথত থকা কুকুৰবোৰৰ ওপৰত প্ৰশাসনৰ কোপদৃষ্টি পৰিছে৷ দিল্লীৰ ৰাস্তাই-ঘাটে এইদৰে থকা বিপথগামী কুকৰবোৰক ধৰি অন্য ঠাইত থৈ অহাৰ সিদ্ধান্ত লৈছে দিল্লী প্ৰশাসনে৷ মেগাচিটি প্ৰকল্পৰ কাম হিচাপে হাজাৰ হাজাৰ বিপথগামী কুকুৰক ধৰি নি অন্য স্থানলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ কাৰণ হিচাপে দিল্লীক জীৱাণুমুক্ত কৰাৰ ব্যৱস্থা হাতত লৈছে৷ জি-২০ৰ শীৰ্ষ সন্মিলন উপলক্ষে দিল্লীৰ হোটেল, দৰ্শনীয় স্থানকে ধৰি লালকিল্লাৰ দৰে ঠাইতো কুকুৰবোৰক স্থানান্তৰিত কৰা হ’ব৷ ইয়াৰ বাবে বিশেষ জালো প্ৰস্তুত কৰি উলিয়াইছে৷ কুকুৰ ধৰা সম্পৰ্কে দিল্লীৰ প্ৰশাসনিক স্তৰত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ বৈঠকৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা বিপথগামী কুকুৰবোৰক আন ঠাইলৈ নিয়াৰ নিৰ্দেশ দিয়া হয়৷ আনহাতে নিৰ্দেশনাটোত কোৱা হৈছে যে কুকুৰবোৰক ধৰি নি এটা নিৰ্দিষ্ট স্থানত ৰখা হ’ব৷ এই ঠাইতে সিহঁতৰ খাদ্য তথা যত্ন লোৱা হ’ব৷ জি-২০ৰ শীৰ্ষ সন্মিলন শেষ নোহোৱাপৰ্যন্ত এই কুকুৰবোৰক এৰি নিদি এনেকৈয়ে ৰখা হ’ব৷ উল্লেখ্য যে ভাৰতৰ ২০১২ চনৰ লাইভষ্টক চেন্সাছ অনুসৰি দিল্লীত বিপথগামী কুকুৰৰ সংখ্যা ৬০ হাজাৰৰো বেছি৷ আনহাতে কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা নিৰ্বীজন অভিযান নিয়মিতভাৱে চলাই থকা হৈছে৷ জি-২০ শীৰ্ষ সন্মিলন উপলক্ষে কুকুৰক লৈ চৰকাৰে কৰা এনে সিদ্ধান্তৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে দিল্লী প্ৰশাসনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here