ৰিফাইন তেল স্লো পইজনিঙৰ নামান্তৰ কি কয় পুষ্টিবিদে ?

0
699


ৰন্ধন প্ৰণালীত ৰিফাইল তেলৰ আধিপত্য অত্যধিক৷ মাছ-মাংসৰ পৰা আদি কৰি পুৰি, পাপৰ, পকৰা আদি সকলো ভাজিত ৰিফাইল তেল অবিহনে সম্পূৰ্ণ নহয়৷ ৰিফাইল তেলৰ বিনে পাকঘৰত যেন একো খাদ্য ৰন্ধাৰ কথা ভবাই নহয়৷ আনহাতে বহুতেই বিশ্বাস কৰে যে এই তেলেৰে খাদ্য ৰান্ধিলে হৃৎযন্ত্ৰৰ সুস্থতা বাঢ়ে৷ কিন্তু জনা ভাল যে ইয়াৰ বিৰুদ্ধ মতো আছে৷ পুষ্টিবিদ ৰিছা গংগানীয়ে জানিব দিয়া মতে ৰিফাইল অইল কাৰ্যতঃ স্লো পইজনিঙৰ এক নামান্তৰ মাথোঁ৷ এই তেলে আমাৰ শৰীৰক তিল তিলকৈ বিপদৰ সন্মুখীন কৰোৱায়৷ ইয়াৰ প্ৰামাণিক তথ্য হিচাপে ৰিছাই তিনিটা প্ৰক্ৰিয়া দাঙি ধৰিছে– ৰিফাইন বা শোধন কৰা, ৰায়াসনিকৰ ব্যৱহাৰ আৰু কম পুষ্টিগুণৰ মাত্ৰা৷ তেল ৰিফাইনিং প্ৰক্ৰিয়াৰ মাজত পৰে ব্লিচিং, ডি ৱাক্সিং, ডিঅ’ডোৰাইজিং, ডি গামিং তথা ডি এচিডিফিকেশ্যন৷ ইয়াৰ পাছত অৱস্থাত এই তেলত থকা ক্লোৰফিল কনটেণ্ট, সোৱাদ আৰু পুষ্টিমূল্য কমি যায়৷ এই শোষণ প্ৰক্ৰিয়াৰ কাৰণে এই তেল খোৱাৰ ফলত শৰীৰত অক্সিডেশ্যন আৰু ইনফ্লেমেশ্যনৰ আশংকা বৃদ্ধি পায়৷ পুষ্টিবিদ ৰিছাৰ মতে ৰিফাইন অইলৰ শোষণ প্ৰক্ৰিয়াত ১০ প্ৰকাৰতকৈও বেছি ৰাসায়নিক ব্যৱহাৰ কৰা হয়৷ যাতে ইয়াৰ বীজ বা দানাশস্যৰ পৰা অধিক পৰিমাণে তেল নিষ্কাশন কৰিব পৰা যায়৷ ইয়াৰ মাজৰে কিছুমান ৰাসায়নিক শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে৷ আনহাতে তেল নিষ্কাশন কৰাৰ পদ্ধতিৰ সময়ত বীজ বা দানাশস্যৰ সকলো খাদ্যগুণ নোহোৱা হৈ পৰে৷ ইয়াৰ ফলত প্ৰাকৃতিক গুণ নষ্ট হৈ যায়৷ যাৰ বাবে ইয়াক খোৱাৰ ফলত পৰিপাক প্ৰক্ৰিয়া, হৃৎযন্ত্ৰৰ সমস্যাই দেখা দিব পাৰে৷ সেয়েহে ৰন্ধন প্ৰণালীত ৰিফাইল তেলৰ ব্যৱহাৰ কমাবলৈ পৰামৰ্শ দিছে পুষ্টিবিদে৷ যিবোৰ তেল খোৱাত নিৰাপদ হিচাপে গণ্য কৰা হয় যেনে– অলিভ অইল, নাৰিকল তেল, সৰিয়হৰ তেল, ছিচেম অইল আদি খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদে৷ গৱেষণাৰ পৰা জানিব পৰা মতে উপৰিউক্ত এই তেলবোৰ স্বাস্থ্যৰ কাৰণে তুলনামূলকভাৱে অধিক নিৰাপদ৷ পুষ্টিবিদ ৰিছাৰ মতে ডায়েটত কোনো খাদ্যৰে আধিক্যই ঠিক নহয়, অৰ্থাৎ পৰিমাণ তথা নিয়ম অনুযায়ী খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্য ৰক্ষাৰ প্ৰধান কৰ্তব্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here