বিশ্বৰ আটাইতকৈ ধনীৰাজপৰিয়ালটোৰ শীৰ্ষত কোন?

0
288


বিশ্বৰ অধিকাংশ দেশতে গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পাছত ৰজা তথা ৰাজপৰিয়ালৰ শাসনৰো অন্ত পৰিল৷ কিন্তু একাংশ দেশত এতিয়াও ৰজাৰ শাসন চলি আছে৷ এই দেশবোৰত ৰাজপৰিয়ালৰ শৌৰ্য-বীৰ্য এতিয়াও অব্যাহত আছে৷ ব্ৰিটেইনৰ ৰাজপৰিয়ালক বিভিন্ন দিশৰ পৰা সকলোৰে আগত স্থান দিয়া হয়৷ কিন্তু বিশ্বৰ আটাইতকৈ ধনী ৰাজপৰিয়ালৰ তালিকাত ব্ৰিটিছ ৰাজপৰিয়ালৰ নাম শীৰ্ষত নাই৷ শীৰ্ষত আছে ছৌডি আৰবৰ ৰাজপৰিয়াল৷ উল্লেখ্য যে ছৌডি আৰবত ১৯৩২ চনৰ পৰাই ছৌড ৰাজবংশক শাসন চলি আছে৷ ছৌডি আৰবৰ ৰাজপৰিয়ালৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ ১৪০০০ কোটি মাৰ্কিন ডলাৰ৷ এই পৰিয়ালটোৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ ব্ৰিটিছ ৰাজপৰিয়ালৰ প্ৰায় ১৬ গুণ৷ প্ৰায় ১৫০০ সদস্যৰ ছৌড ৰাজপৰিয়াল সোণ-ৰূপৰ লগতে অতি মূল্যৱান হীৰাৰ পৰা আৰম্ভ কৰি বিশাল প্ৰাসাদ, অতি দামী তথা বিলাসী গাড়ী, বিমান আদিৰ গৰাকী৷ বৰ্তমান পৰিয়ালটোৰ মুৰব্বী তথা ছৌডি আৰবৰ ৰজা ছলমান বিন আব্দুল আজিজ ছৌড বিশাল সম্পত্তিৰ গৰাকী, কিন্তু তেওঁৰ মুঠ সা-সম্পত্তিৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাই৷ পৰিয়ালটোৰ আটাইতকৈ ধনী সদস্যজন হ’ল আলৱদীল বিন তলাল আল ছৌড৷ তেওঁৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ হ’ল ২০০০ কোটি ডলাৰ৷ ছৌডি আৰবৰ ৰজা য়ামামা পেলেচত থাকে৷ এই পৰিয়ালটোৰ বিশ্বৰ বিভিন্ন স্থানত প্ৰাসাদোপম বিলাসী ঘৰ আছে৷ ১৯৮৩ চনত ৰিয়াধত নিৰ্মাণ কৰা আল য়ামামা পেলেচে ৪০ লাখ বৰ্গফুট এলেকা আগুৰি আছে৷ প্ৰাসাদটোত এহেজাৰটা কোঠা থকাৰ লগতে থিয়েটাৰ আৰু কেইবাটাও ছুইমিং পুল তথা এটা মছজিদ আছে৷ যুৱৰাজ মহম্মদ বিন ছলমানৰ ৪০ কোটি ডলাৰৰ এখন ছেৰেন ছুপাৰ য়াট্‌চ আছে৷ ইয়াত দুখন হেলিপেড আৰু ষ্টেডিয়ামসহ ভালেমান সা-সুবিধা আছে৷ পৰিয়ালটোৰ এখন বয়িং ৭৪৭-৪০০ বিমান আছে৷ ইয়াত ৰাজমহলৰ দৰে সকলো সা-সুবিধা আছে৷ ইয়াৰ উপৰি আছে বিশ্বৰ আটাইতকৈ নামী-দামী কেইবাখনো গাড়ী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here