বিজ্ঞানীসকলে এটা বিৰল ধৰণৰ ধূমকেতু মহাকাশত দেখা পাইছে৷ এই ধূমকেতুটোত আগ্নেয়গিৰিৰ উদগিৰণ হোৱা তেওঁলোকে দেখা পাইছে৷ ধূমকেতুটোৱে অত্যধিক ঠাণ্ডা মেগমা মহাকাশত এৰিছে৷ আগ্নেয়গিৰিৰ উদ্গিৰণৰ পাছত ধূমকেতুটোক এটা সৰু নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ পৰাৰ লগতে দেখাত শিং থকা ধূমকেতুৰ দৰে লাগিছে৷ বিজ্ঞানীসকলে ৭০ বছৰৰ পাছত ধূমকেতুত আগ্নেয়গিৰি উদগিৰণ হোৱা দেখা পাইছে৷ ১২পি/পন্স-ব্ৰুকছ [১২ পি] নামৰ এই ধূমকেতুটো এটা ক্ৰায়’ভলকেনিক বা ঠাণ্ডা জ্বালামুখী থকা ধুমকেতু৷ ইয়াৰ আকাৰ এখন ডাঙৰ মহানগৰৰ সমান৷ সাধাৰণতে ধূমকেতুৰ টান অংশটো ইয়াৰ মাজভাগত থাকে আৰু এই অংশটো বৰফ, ধূলি আৰু গেছৰ মিশ্ৰণেৰে পূৰ্ণ হৈ থাকে৷ এই অংশটো গেছৰ ডাঠ ডাৱৰেৰে আৱৰি থাকে৷ এই ডাৱৰ সাধাৰণতে ধূমকেতুটোৰ মাজভাগৰ পৰা নিৰ্গত হয়৷ কিন্তু ১২ পি ইয়াৰ বিপৰীত ধৰণৰ৷ এই ধূমকেতুটোৰ মাজভাগত ইমানেই গেছ আৰু বৰফ জমা হ’লে যে বিধবংসী ৰূপত মূৰৰ অংশইদি উদ্গিৰণ হ’বলৈ ধৰে৷ এটা ৱেবছাইটে প্ৰকাশ কৰা অনুসৰি যোৱা ২০ জুলাইত বিজ্ঞানীসকলে এই ধূমকেতুটোত ডাঙৰ বিস্ফোৰণ হোৱা দেখা পাইছিল৷ ইয়াৰ ফলত ধূমকেতুটো স্বাভাৱিক অৱস্থাতকৈ প্ৰায় ১০০ অধিক উজ্জ্বল দেখা পোৱা গৈছিল৷ ক্ৰায়’ভলকেনিক ধূমকেতুৰ গৱেষণা কৰা জ্যোতিৰ্বিদ ৰিছাৰ্ড মাইল্ছে কয় যে ৪ জুলাইত এই ধুমকেতুটোৰ পৰা নিৰ্গত হোৱা অতি ঠাণ্ডা মেগমা ২,৩০,০০০ কিল’মিটাৰলৈ প্ৰসাৰিত হয়৷ ইয়াৰ মধ্য অংশৰ ব্যাস ৩০ কিল’মিটাৰৰ পৰা ৭ হাজাৰ গুণ বৃদ্ধি পায়৷ ধূমকেতুটোৰ মূৰৰ অংশত হোৱা উদ্গিৰণৰ ফলত ইয়াক শিং থকা ধূমকেতুৰ দৰে হৈ পৰে৷ ১২ পাছত সম্ভৱতঃ ৬৯ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ বিস্ফোৰণ দেখা পোৱা গৈছিল৷ এই ধূমকেতুটো অহা ২১ এপ্ৰিলত সূৰ্যৰ একেবাৰে কাষ চাপিব৷ আনহাতে ২ জুনত পৃথিৱীৰ একেবাৰে কাষ চাপিব৷ তেতিয়া ইয়াক খালী চকুৰে দেখা পোৱা যাব৷