গুৱাহাটীত পি এণ্ড জি হে’ল্‌থৰবৃদ্ধ লোকক স্বাস্থ্য সেৱাৰ সুবিধা

0
250

ভাৰতত বিগত ৪৫ বছৰ ধৰি বয়িসয়াল লোক আৰু প্ৰাপ্তবয়স্কৰ বাবে কাম কৰা আগশাৰীৰ দাতব্য সংস্থা পি এণ্ড জি হে’ল্‌থ আৰু হেল্প এজ ইণ্ডিয়াই ‘বৃদ্ধসকলৰ বাবে স্বাস্থ্যৰ উপহাৰ’ নামৰ এক ম’বাইল হেলথ কেয়াৰ ইউনিট [এম এইচ ইউ] আৰম্ভ কৰি গুৱাহাটীলৈ সেৱা সম্প্ৰসাৰণ কৰিছে৷ এই কাৰ্যসূচীয়ে গুৱাহাটীৰ আশে-পাশে থকা দূৰৱৰ্তী অঞ্চলৰ বঞ্চিত বৃদ্ধ লোকসকলক বহনক্ষম স্বাস্থ্য সেৱাৰ সমাধান আৰু জৰুৰীকালীন সাহায্য প্ৰদান কৰাত সহায় কৰিব৷ উল্লেখ্য যে এম এইচ ইউৱে কেৱল বিনামূলীয়া চিকিৎসা, ঔষধ আৰু বিস্তৃত পৰামৰ্শ প্ৰদান কৰাই নহয়, বৃদ্ধ লোকসকলৰ বাবে চিকিৎসালয়ৰ দীঘলীয়া শাৰী, পৰিবহণ খৰচ আৰু ঔষধৰ খৰচৰ বোজা লাঘৱ কৰিব৷ এম এইচ ইউৰ দলটোৱে বয়োজ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰে৷ হিতাধিকাৰীসকলক স্বাস্থ্য কাৰ্ড প্ৰদান কৰা হয় আৰু লগতে মানুহৰ চিকিৎসাৰ ৰেকৰ্ড ৰখা হয়৷ ইয়াৰ লগতে প্ৰাথমিক ৰোগ নিৰ্ণয়, চিকিৎসকৰ ঘৰলৈ যোৱা বিছনাত শয্যাশায়ী ৰোগীৰ ক্ষেত্ৰত, গুৰুতৰ ৰোগী, বৃদ্ধ, পৰিয়ালৰ সদস্য আৰু যত্ন লোৱা লোকৰ পৰামৰ্শ আদিও গ্ৰহণ কৰে৷ পি এণ্ড জি হেলথৰ ফ্লেগশ্বিপ চি এছ আৰ প্ৰগ্ৰেম ‘চেহট’ৰ অধীনত আছে ‘দ্য গিফট অব্‌ হেলথ প্ৰগ্ৰেম’, যিয়ে এখন সুস্থ ভাৰত গঢ়ি তোলাৰ দিশত অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ যোৱা দুবছৰত এই কাৰ্যসূচীয়ে ভাৰতৰ ১০,০০০ৰো অধিক চিকিৎসাত সমৰ্থন আগবঢ়োৱাৰ লগতে সমগ্ৰ দেশৰ ২২,০০০ৰো অধিক জ্যেষ্ঠ নাগৰিকক চিকিৎসা প্ৰদান কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here