নিমখ বা লোণ– দৈনন্দিন জীৱনত প্ৰায় প্ৰতিবিধ খাদ্যতে ব্যৱহৃত সামগ্ৰীবিধ হৈছে লোণ৷ সাগৰতলিৰ পৰা যি নিমখ আমি উৎপাদন কৰোঁ, সেইবিধেই হৈছে সাধাৰণ নিমখ বা বগা নিমখ৷ ইয়াৰ বাহিৰেও প্ৰকৃতিপ্ৰদত্ত অনেক ভেষজ গুণেৰে পৰিপূৰ্ণ এক খনিজাত নিমখ হৈছে সৈন্ধৱ লৱণ৷ যাক আমি ক’লা নিমখ বুলিও কওঁ৷ এটা কথা মন কৰিবলগীয়া যে ভাৰতত বিদেশী কোম্পানী অহাৰ আগৰ কালছোৱাত এই সৈন্ধৱ লৱণকে ব্যৱহাৰ কৰা হৈছিল৷ প্ৰাকৃতিক গুণেৰে সমৃদ্ধ হোৱাৰ বাবে বাকী কৃত্ৰিম লৱণৰ তুলনাত ইয়াৰ অধিক গুণাগুণ দেখিবলৈ পোৱা যায়৷ তাৰোপৰি ই ক্ষাৰীয় হোৱাৰ বাবেই দেহৰ তেজত চালিত অম্লতা নিয়ন্ত্ৰণ কৰিব পাৰে৷ পৰিমিতভাৱে ক’লা নিমখ বা সৈন্ধৱ লৱণ সেৱন কৰিলে আমাৰ শৰীৰতহ’ব পৰা বহু প্ৰকাৰৰ ৰোগৰ পৰা আৰোগ্য হ’ব পাৰোঁ৷ বিশেষকৈ, আমাৰ দেহত প্ৰায়ে দেখা দিয়া হজম শক্তি আৰু পাচন প্ৰক্ৰিয়াৰ বেমেজালি দূৰ কৰে ক’লা নিমখে৷ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণত ই বিশেষ ভূমিকা লয়৷ ৰোগ প্ৰতিৰোধী শক্তিৰ বৃদ্ধি ঘটায়, মানসিক উদ্বেগ, চাপ দূৰ কৰে৷ দেহৰ চাল, চুলিৰ উজ্জ্বলতা বঢ়ায়৷ লগতে ই মেটাবলিজিম প্ৰক্ৰিয়াৰ উন্নতি ঘটায়৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা বচাই ৰাখে৷ ইয়াৰ উপৰি প্ৰায়ে দেখা দিয়া নিদ্ৰাহীনতা দূৰ কৰে৷ সেয়ে পৰাপক্ষত আমি নিজৰ দেহৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি আমাৰ দৈনন্দিন খাদ্য সামগ্ৰীত ক’লা নিমখৰ ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয়৷