এন্দুৰৰ উপদ্ৰৱ সকলোৰে বাবে এক বিড়ম্বনা৷ কেতিয়াবা এন্দুৰৰ উৎপাতে সীমা চেৰাই গৈ ঘৰুৱাক সাংঘাতিক অনিষ্ট কৰে৷ কি কৰিব ঘৰত যদি সৰু সৰু এন্দুৰে বাস কৰিবলৈ লয়৷ আনহাতে সকলো ঘৰতে কম বেছি জেঠী, মকৰা, পঁইতাচোৰা আদিয়ে বাস কৰি মূৰটোকে গৰম কৰি দিয়ে৷ এইবোৰৰ আতিশয্য তথা উৎপাতত ঘৰত একো বস্তু এটাই ভালকৈ ৰাখিব নোৱৰা হয়৷ এইবোৰৰ উপদ্ৰৱৰ পৰা বাচিবলৈ বজাৰৰ পৰা ব্লিচিং পাউডাৰ, ঔষধ, স্প্ৰে’ আদি দিয়া হয় যদিও কিছুদিন ক্ষান্ত হোৱাৰ পাছত পুনৰ উৎপাত আৰম্ভ হয়৷ ইহঁতৰ উপদ্ৰৱ মষিমূৰ কৰাটো কঠিন হৈ পৰে৷ একেদৰে এন্দুৰে যদি এবাৰ ঘৰত বাস কৰিবলৈ হয় আৰু ৰক্ষা নাই৷ ঘৰৰ শাপ-পাচলি, বিস্কুট, ফল-মূল আদিৰ পৰা আৰম্ভ কৰি ঘৰুৱা আচবাব, কাপোৰ-কানি কুটালৈকে ইয়াৰ উৎপাতত সীমা-সংখ্যা নাথাকে৷ এইক্ষেত্ৰত বহুতেই বজাৰৰ পৰা বিষজাতীয় ঔষধ আনি দিয়াৰ ফলত কিছুদিন শাম কাটে যদিও ঔষধ দিয়া বন্ধ কৰাৰ পাছত ইয়াৰ পুনৰ অত্যাচাৰ চলে৷ সেয়ে ইয়াৰ উৎপাত দীৰ্ঘকাল সময়ৰ বাবে ৰোধ কৰিবলৈ ঘৰুৱাভাৱে এইদৰে ব্যৱস্থা ল’লে সকাহ পোৱা যায়৷ গৱেষণাত দেখা গৈছে যে ৰান্ধনী ঘৰ, বাথৰূম বা ঘৰত যদি জালুকৰ গুড়ি ছটিয়াই দিয়া হয়, তেনেহ’লে ইয়াৰ গোন্ধত ঘৰৰ ভিতৰৰ পৰা এন্দুৰ পলাই-পত্ৰং দিয়ে৷ ইয়াৰ উপৰি জালুকৰ গুড়িৰ লগত জলকীয়াৰ গুড়ি মিহলাই তাত পিঁয়াজৰ ৰস সংযোগ কৰি এই মিশ্ৰণটো ঘৰৰ চাৰিওফালে ছটিয়ালে এন্দুৰ কেতিয়াও ঘৰৰ ভিতৰত প্ৰৱেশ নকৰে৷ আনহাতে এখন কাপোৰৰ টুকুৰাত কেইটামান লং বান্ধি লৈ ড্ৰেইন বা ঘৰৰ কাষত এন্দুৰ অহা বাটত ৰাখি থ’লে এন্দুৰে ইয়াৰ গোন্ধ সহ্য কৰিব নোৱাৰি ঘৰৰ ভিতৰত প্ৰৱেশ নকৰে৷
আমি সকলোৱে জানো যে এন্দুৰৰ দেহত একধৰণৰ বেক্টেৰিয়া থাকে৷ এই বেক্টেৰিয়াই প্লেগ নামৰ ৰোগৰ সৃষ্টি কৰে৷ সেয়েহে সকলোৱে স্বাস্থ্যৰ দিশত সচেতন হোৱা জৰুৰী৷ আৱৰ্জনা জমা হ’বলৈ নিদি ঘৰৰ চৌহদ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ ড্ৰেইন বা নলাত পানী জমা হ’বলৈ দিব নালাগে৷ ঘৰত থকা ফুটা বা পানী ওলোৱা ফুটাবোৰ অনৱৰতে খোলা ৰাখিব নালাগে, একেদৰে ড্ৰেইনৰ ফুটাও বন্ধ কৰি দিব লাগে৷ ঘৰৰ সামগ্ৰী মজুত ৰখা বাচন, ড্ৰাম আদিৰ মুখবোৰ বন্ধ ৰাখিব লাগে৷