পৃথিৱীৰ জলবায়ুৰ বাবে প্ৰত্যাহবান বন্ধ হ’ব পাৰে সাগৰীয় সোঁত !

0
355


বহুখিনি প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু ক্ৰিয়াই পৃথিৱীৰ জীৱকুলৰ ভাৰসাম্য বজাই ৰাখে৷ ইয়াৰে কিছুমান প্ৰক্ৰিয়া আমাৰ জ্ঞাত হ’লেও চকুৰে নেদেখো৷ কিন্তু এইবিলাক আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল সাগৰীয় সোঁতৰ প্ৰণালীটো৷ সাগৰীয় সোঁতে সমগ্ৰ বিশ্বৰে সাগৰসমূহৰ তাপমান প্ৰভাৱিত কৰে৷ সমুদ্ৰপৃষ্ঠৰ তলেৰে বোৱা এই প্ৰবাহে বিশ্বত তাপমাত্ৰাৰ বিতৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সাগৰীয় সোঁতক লৈ শেহতীয়াভাৱে কৰা এটা অধ্যয়নে বিশ্বৰ বাবে এক সতৰ্কবাণী কঢ়িয়াই আনিছে৷ বিজ্ঞানীসকলে কৰা অনুমান মতে অনাগত দিনবোৰত সাগৰীয় সোঁতৰ এই ধাৰা বন্ধ হৈ যাব পাৰে৷ ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব৷ উদাহৰণস্বৰূপে বৰ্তমান প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰা ইউৰোপ অত্যন্ত ঠাণ্ডা হৈ পৰিব৷ এই প্ৰণালীটোক আটলাণ্টিক মেৰিডিয়নেল অভাৰটাৰ্নিং চাৰ্কুলেশ্যন বুলি কোৱা হয়৷ কোপেনহেগেন বিশ্ববিদ্যালয় আৰু নীল বৰ্ছ ইনষ্টিটিউট এণ্ড ডিপাৰ্টমেণ্ট অব্‌ মেথেমেটিকেল ছায়েন্সেজৰ বিজ্ঞানীয়ে শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটোৰ প্ৰতিবেদন নেচাৰ কমিউনিকেশ্যন নামৰ বাৰ্তালোচনীখনত প্ৰকাশ পাইছে৷ অধ্যয়নটোত প্ৰায় ডেৰশ বছৰৰ মহাসাগৰৰ তাপমানৰ তথ্য গণনা কৰা হৈছিল৷ তেওঁলোকে গণনাৰ পৰা জানিব পৰা মতে আটলাণ্টিক মহাসাগৰৰ এই প্ৰবাহৰ ধাৰা ২০২৫-২০৯৫ ৰ ভিতৰত বন্ধ হৈ যোৱাৰ ৯০ শতাংশ সম্ভাৱনা আছে৷ ইয়াৰ ফলত বিশ্বত ভালেমান জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব৷ ইয়াৰ ফলত গ্ৰীষ্মমণ্ডলত গৰমৰ প্ৰকোপ বৃদ্ধি পাব আৰু আটলাণ্টিক মহাসাগৰীয় অঞ্চলত বা-মাৰলী বৃদ্ধি পাব৷ আনহাতে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ত আন্তঃচৰকাৰী কমিটীৰ প্ৰতিবেদনত অৱশ্যে ইয়াৰ বিপৰীত তথ্যহে উল্লেখ কৰা হৈছে৷ ইয়াত কোৱা হৈছে যে আটলাণ্টিক মহাসাগৰীয় সোঁত এই শতিকাত বন্ধ হৈ যোৱাৰ সম্ভাৱনা যথেষ্ট কম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here