ছুগাৰ নিয়ন্ত্ৰণ আৰু ওজনহ্ৰাসৰ বাবে নীলা চাহ খাওক

0
385


পুৱা শুই উঠিয়েই চাহকাপ খোৱাৰ সকলোৰে এটা অভ্যাস৷ সকলোৱে প্ৰতিদিনে একাপ হ’লেও চাহ খায়৷ আজিকালি হাৰ্বেল চাহৰ প্ৰচুৰ চাহিদা বাঢ়িছে৷ বিভিন্ন প্ৰকাৰে চাহ বনাই খোৱা হয়৷ ইয়াৰ ভিতৰতে এবিধ জনপ্ৰিয় পানীয় হ’ল নীলা চাহ, যাক ক্লিটোৰিয়া টাৰনেটিয়া অৰ্থাৎ অপৰাজিতা ফুলৰ পৰা প্ৰস্তুত নীলা ৰঙৰ চাহ৷ এইবিধ চাহে শৰীৰৰ ওজন কমোৱাকে ধৰি শৰীৰক ডিটক্সিফাই কৰাৰ পৰা আৰম্ভ কৰি ছালৰ গঠন সমৃদ্ধ কৰা তথা চুলিৰ বৃদ্ধিত উন্নতি কৰা আদি নানা উপকাৰ সাধন কৰে৷ এই পানীয়বিধ এবিধ আদৰ্শ স্বাস্থ্যকৰ পানীয়৷ প্ৰাকৃতিকভাৱে কেফেইনমুক্ত তথা সম্পূৰ্ণ ভেষজ প্ৰস্তুত গ্ৰীন টীৰ দৰে নীলা চাহ এণ্টিঅক্সিডেণ্টৰ পাৱাৰ হাউছ৷ ঘৰতে নীলা চাহ তৈয়াৰ কৰিবলৈ হ’লে প্ৰথমে অপৰাজিতা ফুলত পাহী বা ফুল লৈ এটা পাত্ৰত দুই তিনি কাপ পানী লৈ তাত ভালদৰে চেপি দিব৷ তাত শুকান লেমন গ্ৰাছস দি ল’ব৷ এতিয়া এইখিনি গৰম হ’বলৈ দিব৷ গৰম হোৱাৰ পাছত মিশ্ৰণটোত আধা চামুচ মৌ মিহলাই গৰমে গৰমে সেৱন কৰিব পাৰে৷ এই চাহ এণ্টিঅক্সিজেণ্ট সমৃদ্ধ যিয়ে আপোনাৰ ডিটক্স ডায়েটত অন্তৰ্ভুক্ত কৰাৰ বাবে এবিধ আদৰ্শ পানীয় হিচাপে গণ্য কৰা হয়৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ বাবে শৰীৰৰ ফ্ৰি একশ্যনৰ পৰা ৰক্ষা কৰে৷ সপ্তাহত এবাৰ বা দুবাৰ খালী পেটত একাপ নীলা চাহ সেৱন কৰিলে শৰীৰৰ পৰা টক্সিন বাহিৰ হোৱাৰ সহায় কৰাৰ লগতে হজমশক্তি উন্নত হয়৷
অপৰাজিতা ফুলৰ চাহে মেজাজ বৰ্ধক গুণমানৰ বাবে পৰিচিত৷ গৱেষণাৰ পৰা জানিব পৰা মতে এই পানীয়ত ষ্ট্ৰেচ বাষ্টিং প্ৰভাৱ আছে, যিয়ে উদ্বেগ-উদ্বিগ্নতাৰ লক্ষণবোৰ কমোৱাত সহায় কৰে৷ এই চাহে মনটোক সতেজ কৰি শক্তিৰ মাত্ৰা তথা ষ্টেমিনা বঢ়ায় লগতে দুশ্চিন্তা তথা বিষণ্ণতা দূৰ কৰাত সহায় কৰে৷
এই পানীয় কেফেইনমুক্ত হোৱা বাবে অথবা ইয়াত শূন্য কাৰ্বহাইড্ৰেট চৰ্বি আৰু কলেষ্টৰেল থাকে৷ সেয়েহে এই চাহ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে পৰিচিত৷ কাৰণ এই পানীয়ই ক্ষুধা নিয়ন্ত্ৰণ কৰে৷
নীলা চাহ আপোনাৰ চুলিৰ যতনৰ বাবে এবিধ আদৰ্শ পানীয়৷ ইয়াত এন্থোছায়ানিন নামৰ যৌগ পোৱা যায়, যিয়ে মূৰৰ ছালৰ ৰক্ত সঞ্চালন বঢ়াই মূৰৰ ছাল স্বাস্থ্যকৰ কৰি ৰাখে৷
নীলা চাহৰ এটা বৈশিষ্ট্য হ’ল যি মহিলাসকলৰ পিৰিয়ডৰ সময়ত হোৱা বেথা বা আন সমস্যা কমাই ৰাখে৷ আনহাতে ইয়ে স্বাভাৱিক শুক্ৰাণু উৎপাদনো বঢ়াই দিয়ে৷
ব্লু টীত এণ্টিঅক্সিডেণ্টৰ বৈশিষ্ট্য থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ইয়াৰ বাহিৰে নীলা চাহত প্ৰদাহৰোধী গুণ আছে৷ এই চাহে শৰীৰত কেঞ্চাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে৷
ডায়েবেটিছ ৰোগীৰ বাবে নীলা চাহ খুব উপকাৰী৷ এই চাহে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ এই চাহে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কমাই ৰাখে৷
নীলা চাহে চকুৰ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ ইয়াৰ লগতে চকুৰ আন সমস্যা সমাধান কৰে এই চাহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here