দৈনন্দিন জীৱনত একেটা কামকে কৰি কৰি যিদৰে আমাৰ ক্লান্তি বা এলাহ অনুভৱ হয়, একেদৰে আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰে প্ৰতিনিয়ত কাম কৰি ভাগৰি পৰে৷ এই অংগসমূহেও জিৰণি ল’বলৈ বিচাৰে৷ সেয়ে পুষ্টিবিদসকলে অংগ-প্ৰত্যংগবোৰৰ বিশ্ৰাম দিবলৈ ডিটক্স ডায়েটৰ পৰামৰ্শ দিয়ে৷ ডিটক্স ডায়েট মূলতঃ উপবাস আৰু পানীৰ ওপৰত নিৰ্ভৰ কৰি থকা হয়৷ শৰীৰে যিবোৰ টক্সিন মল, মূত্ৰ আৰু ঘামৰ মাধ্যমেৰে বাহিৰ কৰি দিব নোৱাৰে সেইবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়াটোৱে এই ডায়েটৰ মূল লক্ষ্য৷ সুস্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ উন্নতিৰ বাবে এই ডায়েট খুব উপকাৰী৷ আনহাতে শৰীৰত অতিৰিক্ত বৰ্জ্য পদাৰ্থ জমা হ’লে শৰীৰে নিজেই সেই কথা জনাই দিয়ে৷ জানো আহক কোনবোৰ উপসৰ্গ দেখিলে বুজিব যে শৰীৰক ডিটক্সৰ প্ৰয়োজন৷
হঠাতে শৰীৰৰ ওজম বাঢ়ি গ’লে বহুতৰে চিন্তাৰ কাৰণ হৈ পৰে৷ এই লক্ষণ দেখা দিলে বুজিব যে শৰীৰক ডিটক্সিফিকেশ্যনৰ প্ৰয়োজন৷
আপুনি কামৰ মাজতে ভাগৰি পৰিছে, পৰ্যাপ্ত পৰিমাণে টোপনি মৰাৰ পাছতো শৰীৰৰ ভাগৰ, ক্লান্তি-অৱসাদ দূৰ হোৱা নাই৷ জানিব যে শৰীৰত টক্সিনৰ মাত্ৰা বাঢ়ি গ’লে এনেধৰণৰ কাৰকে দেখা দিব পাৰে৷
আপুনি কোনো কামতে মনটো বহুৱাব পৰা নাই অথবা কোনো কথাই মনত নৰয়, মুহূৰ্ততে পাহৰি থাকে৷ শৰীৰত বৰ্জ্য পদাৰ্থৰ পৰিমাণ বাঢ়ি গ’লে মস্তিষ্কৰ কাৰ্যকাৰিতা কমি যায়৷ কোনো কাৰণ নোহোৱাকৈয়ে মন ভাঙি পৰে৷ সাধাৰণতে গৰমকালি এই সমস্যা বেছি হয়৷ এই ক্ষেত্ৰত বুজিব যে শৰীৰত টক্সিনৰ মাত্ৰা বৃদ্ধি হৈছে৷
টক্সিনজাতীয় পদাৰ্থ শৰীৰত জমা হোৱাৰ ফলত সঘনাই অসুস্থ হৈ পৰিব পাৰে৷ এই ক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ এনেধৰণৰ সমস্যাই দেখা দিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডিটক্স ডায়েট আৰম্ভ কৰিব পাৰে৷
শৰীৰৰ টক্সিনৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত ছালৰ সংক্ৰমণ হয়৷ পেটৰ বিভিন্ন সমস্যা, মূৰৰ বিষ আদি সমস্যা শৰীৰত টক্সিনৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত দেখা দিব পাৰে৷