আমেৰিকাৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত এইবাৰ ৰেড মিট এলাৰ্জিয়ে আতংকৰ সৃষ্টি কৰিছে৷ দেশখনত ৰেড মিট এলাৰ্জিত ২০১০ চনৰ পৰা এতিয়ালৈকে চাৰি লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে৷ এই ৰোগ হয় এটা কীটে কামুৰিলে৷ তাৰ পাছত ৰেড মিট খালে এলাৰ্জি হ’বলৈ ধৰে৷ এই ৰোগৰ আৰম্ভণি লাহে লাহে হয় আৰু পাছলৈ ই ইমানেই বৃদ্ধি পায় যে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়৷ চিকিৎসকে জনোৱা মতে ল’ন ষ্টাৰ টিক নামৰ এবিধ সৰু কীটে কোনো ব্যক্তিক দংশন কৰিলে এই ৰোগ আৰম্ভ হয়৷ চিকিৎসকে লগতে প্ৰকাশ কৰা মতে এই কীটবিধত আল্ফা গেল নামৰ এবিধ বিশেষ ধৰণৰ শৰ্কৰা থাকে৷ ইয়াক ৰেড মিটতো পোৱা যায় কিয়নো কীটবিধে জন্তুকো দংশন কৰে৷ এনেধৰণৰ জন্তুৰ মাংস খালে ৰেড মিট এলাৰ্জি হয়৷ আলফা গেলে শৰীৰত নিজাকৈ এণ্টিবডীৰ সৃষ্টি কৰে৷ ফলত মাংস খোৱাৰ পাছত শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰে৷ প্ৰথমে ছালৰ এলাৰ্জি হয় আৰু পাছলৈ জ্বৰো হয়৷ খজুৱতি, পেটৰ বিষ, একেৰাহে হাঁচি অহা, নাকেৰে পানী বোৱা আদি ইয়াৰ লক্ষণ৷