ধূমপানৰ অভ্যাস ত্যাগ কৰাটো কঠিন কিয় ?

0
177


সাধাৰণতে দেখা যায় যে ধূমপান কৰা অৰ্থাৎ চিগাৰেট সেৱন কৰা লোকে এই অভ্যাস ত্যাগ কৰাত কঠিন হয়৷ প্ৰায়ে দেখা যায় যে কোনো লোকে চিগাৰেট সেৱন কৰিবলৈ এৰাৰ কিছু দিনৰ পাছতে পুনৰ ইয়াত অভ্যস্ত হৈ পৰে৷ অষ্ট্ৰেলিয়াৰ বিজ্ঞানীৰ দল এটাই কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ৬০-৭৫ শতাংশ লোকে চিগাৰেট সেৱন কৰিবলৈ এৰি দিয়াৰ ছমাহৰ ভিতৰত পুনৰ ধূমপান কৰিবলৈ লয়৷ সাধাৰণতে ইয়াৰ কাৰণ চিগাৰেটৰ প্ৰতি আসক্তি বুলি কোৱা হয় আৰু সেয়েহে চিগাৰেট সেৱন কৰাটো কঠিন হৈ পৰে৷ কিন্তু বিজ্ঞানীসকলৰ মতে কথাটো তেনেকুৱা নহয়৷ ইয়াৰ আঁৰত বৈজ্ঞানিক ঘটনা নিহিত হৈ আছে৷ চিগাৰেট অগ্নিসংযোগ কৰাৰ পাছত ইয়াত থকা ধঁপাত জ্বলিবলৈ ধৰে৷ জ্বলি থকা ধঁপাতৰ পৰা নিকটিন ওলায়৷ এই নিকটিন ধূমপান কৰা ব্যক্তিৰ ৰক্তৰ জৰিয়তে হাঁওফাঁও পায়গৈ৷ তাৰ পৰা নিকটিন মগজুত উপস্থিত হয়গৈ৷ মগজুত নিকটিন পোৱাৰ পাছত তাত থকা নিটোটিনিক এচিটিলকলিন ৰিচেপ্টৰক সক্ৰিয় কৰি তোলে৷ ৰিচেপ্টৰ সক্ৰিয় হৈ পৰাৰ পাছত নিউট্ৰান্সমিটাৰৰ পৰা ডোপামাইন এৰিবলৈ ধৰে৷ এই ডোপামাইনে লাহে লাহে চিগাৰেটৰ প্ৰতি আসক্তি বৃদ্ধি কৰিবলৈ ধৰে৷ ই এক প্ৰকাৰৰ হৰমন৷ চিগাৰেট সেৱন কৰাৰ ফলত ওলোৱা ডোপামাইনে মানুহক এক সুকীয়া ধৰণৰ সুখ অনুভৱ কৰোৱায়৷ এই অনুভৱে বাৰে বাৰে চিগাৰেট সেৱন কৰিবলৈ আগ্ৰহ জন্মায়৷ ইয়াৰ ফলত চিগাৰেট সেৱন নিচাত পৰিণত হয়৷ যেতিয়া এজন ব্যক্তিয়ে চিগাৰেট সেৱন কৰিবলৈ এৰি দিয়ে তেতিয়া তেওঁ ধূমপান কৰাৰ ফলত লাভ কৰা বিশেষধৰণৰ সুখৰ অনুভৱৰ শৃংখলা বিচ্ছিন্ন হৈ পৰে৷ ফলত পুনৰ এই অনুভৱ লাভৰ বাবে চিগাৰেট সেৱন কৰিবলৈ মন যায়৷ আৰু সেয়েহে ধূমপান কৰা ব্যক্তিয়ে এই অভ্যাস ত্যাগ কৰাটো কঠিন হৈ পৰে৷ মন কৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, সমগ্ৰ বিশ্বতে মৃত্যু হোৱা লোকৰ ১৪ শতাংশৰ কাৰণ ধূমপান আৰু ইয়াৰ ফলত হোৱা ৰোগ৷ বিজ্ঞানীসকলৰ মতে, ধূমপানৰ অভ্যাস দুই ধৰণেৰে ত্যাগ কৰিব পাৰি৷ ইয়াৰে প্ৰথমটো হ’ল নিজৰ মনোবল শক্তিশালী কৰি আৰু দ্বিতীয়টো হ’ল অনুশাসন মানি চলি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here