চীনে মহাকাশ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিয়ে আমেৰিকাকে ধৰি বিশ্বৰ আন দেশৰ মহাকাশ গৱেষণা সংস্থাবোৰৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত চীনক চামিল নকৰাত দেশখনে নিজাকৈ তিয়াংগং মহাকাশ কেন্দ্ৰ স্থাপন কৰে৷ যোৱা বছৰৰ পৰা এই মহাকাশ কেন্দ্ৰটোৱে কাম কৰি আছে৷ চীনে মহাকাশ কেন্দ্ৰটোত নতুন নতুন গৱেষণা কৰি আছে৷ এতিয়া চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ গৱেষণাৰ উদ্দেশ্যত এটা জীয়া মাছ প্ৰেৰণ কৰিব৷ এটা ৱেবছাইটে প্ৰকাশ কৰা অনুসৰি চীনে মহাকাশলৈ জেব্ৰা মাছ প্ৰেৰণ কৰিব৷ এক সৰু বন্ধ পৰিৱেশতন্ত্ৰত মাছ আৰু সূক্ষ্ম জীৱৰ পাৰস্পৰিক ক্ৰীড়াৰ বিষয়ে অধ্যয়ন কৰিব চীনৰ বিজ্ঞানীসকলে৷ এই অধ্যয়নে মহাকাশচাৰীৰ হাড়ৰ হোৱা ক্ষতিৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব৷ ইয়াৰ আগতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ মাছ প্ৰেৰণ কৰি ভৰহীন অৱস্থাই সামুদ্ৰিক জীৱৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে অধ্যয়ন কৰিছিল৷ আনহাতে ১৯৭৬ চনত অধুনালুপ্ত ছোভিয়েট ইউনিয়নে মহাকাশলৈ জেব্ৰা ফিছ প্ৰেৰণ কৰি কৰা গৱেষণাৰ পৰা জানিব পাৰিছিল যে ভৰহীন অৱস্থাই ইয়াৰ আচৰণত প্ৰভাৱ পেলায়৷