ব’ৰ্ড গেমে শিশুৰ অংককৰাৰ ক্ষমতা বৃদ্ধি কৰে

0
392


ব’ৰ্ড গেমে শিশুৰ অংক কৰাৰ ক্ষমতা বৃদ্ধি কৰে৷ এটা নতুন সমীক্ষাত তথা বিশ্লেষণাত্মক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই অধ্যয়নটো কৰা হৈছিল ২৩ বছৰৰ বিভিন্ন ধৰণৰ গৱেষণা-পত্ৰৰ বিশ্লেষণ তথা সমীক্ষাৰ জৰিয়তে৷ ইয়াৰ পৰা গৱেষণা কৰাসকলে এই মত প্ৰকাশ কৰে যে এনেধৰণৰ খেলে শিশুৰ গণনা কৰা, যোগ-বিয়োগ কৰা তথা সংখ্যা চিনি পোৱাৰ দৰে ক্ষমতা বৃদ্ধি কৰে৷ সংখ্যা থকা ব’ৰ্ড গেমে ৩-৯ বছৰ বয়সৰ শিশুৰ গণনা কৰা তথা যোগ-বিয়োগ কৰাৰ দক্ষতা উল্লেখনীয়ভাৱে বৃদ্ধি কৰে৷ গৱেষক ড॰ জেমি বেলাডাৰেছে কয় যে বয়স্ক লোকৰ তত্ত্বাৱধানত খেলা শৃংখলাবদ্ধ ব’ৰ্ড গেম শিশুৰ অংকত দক্ষতা বৃদ্ধিত যথেষ্ট সহায় কৰে৷ ইয়াৰ লগতে পাছলৈ জটিল গাণিতীয় সমস্যা সমাধানতো সহায় কৰে বুলি গৱেষকসকলে মত প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here