ছিৰিয়া যোৱা ১২ বছৰে যুদ্ধত জৰ্জৰিত হৈ আছে৷ এই গৃহ যুদ্ধই দেশখনৰ জনসাধাৰণৰ প্ৰায় সকলোখিনি কাঢ়ি নিছে৷ ছিৰিয়াবাসী যিধৰণেৰে অৰ্থনৈতিক, শাৰীৰিক তথা মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে সেই কথা প্ৰকাশ কৰাটো কঠিন৷ এই কঠিন সময়ত এতিয়া দেশখনৰ বৃহৎসংখ্যক লোকক মানসিকভাৱে শক্তিশালী কৰি তুলিছে যোগাভ্যাসে৷ ব্ৰিটিছ বাৰ্তালোচনী ইকনমিষ্টত এই বিষয়ে প্ৰকাশ পাইছে৷ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা অনুসৰি সমগ্ৰ ছিৰিয়াত হাবি-বননি, খেলপথাৰ তথা ষ্টেডিয়ামত শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে নিয়মীয়াকৈ যোগ কৰিবলৈ লৈছে৷ তেওঁলোকে নিয়মীয়াকৈ সূৰ্য নমস্কাৰ কৰিবলৈ ধৰিছে৷ বাৰ্তালোচনীখনৰ মতে, ছিৰিয়াত আৰবী ভাষাত ইয়াৰ অৰ্থ আশীৰ্বাদ৷ ছিৰিয়াত যোগৰ প্ৰসাৰ কৰিছে হিন্দু সাধুৰ ৰূপত যোগ প্ৰশিক্ষকে৷ ছিৰিয়াৰ এজন যোগ প্ৰশিক্ষকে প্ৰকাশ কৰ মতে, যোগ তথা সূৰ্য নমস্কাৰে দেশখনৰ লোকসকলক বাস্তৱ পৰিস্থিতি তথা অৰ্থনৈতিকভাৱে সন্মুখীন হোৱা চাপৰ মুক্ত হোৱাত সহায় কৰিছে৷ আজিৰ পৰা দুটা দশকৰ আগতে মাৰ্জেন ঈশা নামৰ এজন ব্যক্তি যোগ অধ্যয়নৰ কাৰণে হিমালয়ৰ ঋষিকেশলৈ গৈছিল৷ তেওঁ তাৰ পৰা উভতি গৈ ছিৰিয়াত এটা যোগ কেন্দ্ৰ খোলে৷ এতিয়া তেওঁ সমগ্ৰ দেশখনত কোটিৰ ঘৰত যোগ কেন্দ্ৰ খুলি বিনামূলীয়াকৈ যোগ প্ৰশিক্ষণ দি আছে৷ ছিৰিয়াৰ ৰাষ্ট্ৰপতি বছৰ আল-আছাদেও তেওঁক সমৰ্থন কৰিছে৷ উল্লেখ্য যে ছিৰিয়াত চলি থকা গৃহযুদ্ধত তিনি লাখতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে৷ বৃহৎসংখ্যক লোকে দেশৰ পৰা পলায়ন কৰিছে৷ এতিয়া দেশখনত থকা ৯০ শতাংশ লোকেই দৰিদ্ৰ৷ দেশখনত নাগৰিক সমাজ তথা ৰাজনৈতিক সভা বন্ধ কৰি দিয়া হৈছে৷ দেশখনত ২০১১ চনত যুদ্ধ আৰম্ভ হোৱাৰ সময়ৰ পৰা যোগা কেন্দ্ৰৰ সংখ্য চাৰি গুণ বৃদ্ধি পাইছে৷