কিৱি পক্ষীক বচোৱা তথা সুৰক্ষাৰবাবে অভিযান নিউজিলেণ্ড চৰকাৰৰ

0
968

নিউজিলেণ্ডৰ এন্দুৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে৷ দেশখনক ২০৫০ চনৰ ভিতৰত এন্দুৰৰ সকলো প্ৰজাতিৰ পৰা মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে৷ দেশখনৰ পৰিচয় হৈ পৰা কিৱি পক্ষীক বচোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে প্ৰায় এটা শতিকাৰ পাছত প্ৰথমবাৰৰ বাবে ৱেলিংটনৰ পাহাৰীয়া অঞ্চলত কিৱি পক্ষীক দেখা পোৱা গৈছে৷ এইটো সম্ভৱ হয় ৰাজধানীখনৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলক এন্দুৰমুক্ত কৰি তোলাৰ বাবে চলোৱা অভিযান৷ প্ৰায় এহেজাৰ বছৰৰ আগতে নিউজিলেণ্ডৰ যিকোনো স্থানতে কিৱি পক্ষীয়ে বিচৰণ কৰিছিল৷ কিন্তু এন্দুৰে কিৱি পক্ষীৰ বাবে ভাবুকিৰ সৃষ্টি কৰে আৰু লাহে লাহে এই চৰাইবিধৰ সংখ্যা কমি আহে৷  সেয়েহে বিগত কেইটামান বছৰত কিৱি পক্ষীক সুৰক্ষা প্ৰদানৰ বাবে ৯০ টাতকৈও অধিক সংগঠনে লগ হৈ এন্দুৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ ইয়াৰ ভিতৰত দ্য কেপিটেল কিৱি প্ৰজেক্টো আছে৷ দেশখনত এতিয়া ষ্টোটৰ দৰে জন্তুৰ বিৰুদ্ধেও অভিযান চলাই থকা হৈছে৷ উল্লেখ্য যে কিৱিক বচাবৰ বাবে এন্দুৰ নিধন ধাৰণাটো ২০১১ চনত অকলেণ্ড বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী জেমছ ৰাছেলে আগবঢ়াইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here