অসমৰ নিচামুক্তি কেন্দ্ৰসমূহত অতি প্ৰয়োজনীয় সুবিধাসমূহ থকাৰ উপৰি ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ অধীনত বাধ্যতামূলকভাৱে পঞ্জীভুক্ত হ’ব লাগিব৷ ইচ্চানুসৰি নিচামুক্তি কেন্দ্ৰ খোলাৰ ফলত চৰকাৰৰ হাতত সঠিক তথ্য নাথাকে৷ সেয়েহে এই কেন্দ্ৰসমূহ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক কৰা হৈছে৷ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই নতুনকৈ গঠিত হোৱা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সংস্থাৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা, উপাধ্যক্ষ আৰু বিভাগীয় বিষয়াসকলৰ উপস্থিতিত দিছপুৰত অনুষ্ঠিত বৈঠকত মন্ত্ৰীজনে ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ পৰিচালনাৰ বিষয়ে বিশ¸দভাৱে আলোচনা কৰে৷ আনহাতে স্বাস্থ্য,¸ গৃহ আদি কেইবাটাও বিভাগৰ সৈতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে প্ৰস্তুত কৰি থকা নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ আনুষ্ঠানিক নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বিষয়ে বুজ লৈ মন্ত্ৰী হাজৰিকাই এই বিষয়ে প্ৰধান সচিবক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি শীঘ্ৰে এই নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে৷ আন এখন বৈঠকত দিব্যাংগসকলৰ কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰে তেওঁলোকৰ বিভিন্ন বিষয় আৰু সমস্যাক লৈ মন্ত্ৰী হাজৰিকাই আলোচনা কৰে৷ বৈঠকতে শেহতীয়াকৈ বহু লোকৰ বিশেষভাৱে সক্ষমৰ ভুৱা প্ৰমাণ-পত্ৰ থকা বিষয়টিৰ ওপৰত আলোচনা কৰি বিভাগীয়ভাৱে এই প্ৰমাণ-পত্ৰৰ পুনৰীক্ষণ কৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আনহাতে দিব্যাংগসকলৰ স্বাস্থ্যসেৱাৰ বাবে বিশেষভাৱে সুবিধা বিচৰাৰ ওপৰত আলোচনা কৰি মন্ত্ৰী হাজিৰকাই দিব্যাংগ ব্যক্তিসকলক জনায় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আয়ুষ্মান অসম আঁচনিৰ অধীনত অসমৰ প্ৰায়সংখ্যক লোককে বছৰি পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিছে, যাৰ সুবিধা দিব্যাংগসকলেও নিশ্চিত ৰূপত লাভ কৰিব পাৰে৷ আনহাতে দিব্যাংগসকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে বুলিও তেওঁ কয়৷