কৃষকৰ মাজত আতংকঅসমৰ কৃষিভূমিত বিছাৰ উপদ্ৰৱ

0
366


যোৱা কেইবাদিন ধৰি বঙাইগাঁও জিলাৰ কৃষি প্ৰধান অঞ্চলত বিছাৰ উপদ্ৰৱে বিনিদ্ৰ ৰজনী কটাইছে কৃষক ৰাইজে৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বহু অঞ্চলত বিছাৰ সন্ত্ৰাস অব্যাহত আছে৷ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এক নং ভাণ্ডাৰা, জামদহা, বাশবাৰী আদি অঞ্চলত বিছাৰ উপদ্ৰৱত ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ সমান্তৰালভাৱে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰচৰ, গোলাপাৰা, বাংলাপাৰা, নাম্বাৰপাৰা আদি গাঁওসমূহতো বিছাই ত্ৰাসৰ সৃষ্টি কৰিছে৷ হাজাৰ হাজাৰ বিছা ধানখেতি, মৰাপাটৰ খেতি খাই তহিলং কৰিছে৷ আনকি ঘৰতো সোমাবলৈ লৈছে বিছা৷ এতিয়া য’তে দেখা চাৰিওফালে কেৱল বিছা আৰু বিছা৷ বিছাৰ উৎপাতত আনকি মানুহে ঘৰৰ ভিতৰতো খাদ্য ভালকৈ খাব নোৱাৰা হৈছে, শৌচালয়লৈ যাবলৈও চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ মুঠতে বিছাৰ উৎপাতত স্থানীয় লোকলকলে ভালকৈ খাব, শুব নোৱাৰা হৈছে৷ বিছাৰ উপদ্ৰৱ সম্পৰ্কে স্থানীয় ৰাইজে কৃষি বিভাগৰ অৱগত কৰাত কৃষি বিভাগৰ লোকে উক্ত অঞ্চলসমূহত বিছাৰ উপদ্ৰৱ ৰোধৰ বাবে ঔষধ স্প্ৰে’’ ছটিয়াইছে যদিও সুফল লাভ কৰা নাই৷ আনহাতে কি কাৰণত এইদৰে বিছাৰ উপদ্ৰৱ হৈছে সেই কথাও বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ অৱশ্যে প্ৰচণ্ড গৰম আৰু ৰ’দৰ বাবে বিছাৰ উপদ্ৰৱ হোৱা বুলি স্থানীয় ৰাইজে ধাৰণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here