মুখৰ বলিৰেখাৰ সমস্যাৰ বাবেঘৰুৱাভাৱে এলোভেৰাৰ নাইট ক্ৰিম

0
765


বয়স বঢ়াৰ লগে লগে চুলি পকিবলৈ ধৰে, মুখত বাৰ্ধক্যৰ চিন ফুটি উঠে৷ কিন্তু বয়সৰ আগতে যদি মুখত বাৰ্ধক্যৰ চাপ পৰে, তেনেহ’লে ব্যৱস্থা লোৱাটো অত্যন্ত জৰুৰী৷ সাধাৰণতে চকু আৰু মুখত প্ৰথমে বয়সৰ চাপ পৰে৷ চকুৰ কোণবোৰ ক’লা পৰিবলৈ ধৰে, কপালত বলিৰেখাত দেখা যায়৷ আনকি গালত ছালো শোতোৰা মোতোৰ পৰিবলৈ লয়৷ বয়সৰ আগতে যদি এইবোৰ লক্ষণে দেখা দিয়ে৷ তেনেহ’লে জানিব আপোনাৰ ছালৰ যত্ন তথা লাইফষ্টাইলত বিসংগতি হৈছে৷ বাৰ্ধক্যৰ প্ৰতিৰোধ কৰিবলৈ হ’লে স্বাস্থ্যকৰ ডায়েট তথা সঠিক স্কিন কেয়াৰ ৰুটিন মানি চলাটো জৰুৰী৷ স্কিন কেয়াৰৰ ক্ষেত্ৰত সকলোতকৈ জৰুৰী হ’ল নাইট ক্ৰিম৷ আনহাতে ৰাতি যিমানে শোৱাত ব্যাঘাত জন্মিব ছালৰ সমস্যাও সিমানেই বাঢ়িব৷ তেনে ক্ষেত্ৰত সঠিক নাইট ক্ৰিম লগোৱা ভীষণ দৰকাৰ৷
সাধাৰণতে বেছিভাগ মানুহেই বজাৰত উপলব্ধ নাইট ক্ৰিমৰ ওপৰত ভৰসা কৰে৷ কিন্তু এনেদৰে উপলব্ধ নাইট ক্ৰিমৰ দাম আকাশলংঘী হয়৷ সেয়ে বহুতৰে সাধ্যৰ বাহিৰত পৰে৷ তেনেহ’লে নাইট ক্ৰিম ব্যৱহাৰ নকৰিবই নেকি? একেবাৰে নহয়, বৰঞ্চ কম খৰচতে ঘৰুৱাভাৱে নাইট ক্ৰিম প্ৰস্তুত কৰিব পাৰি৷ ঘৰুৱাভাৱে এলোভেৰা জেলৰ নাইট ক্ৰিম প্ৰস্তুত কৰি এইসমূহ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
এলোভেৰা জেলৰ এণ্টিবেক্টেৰিয়েল, এণ্টিইনফ্লেমেটৰি উপাদান পোৱা যায়, যিয়ে ছালখনক প্ৰদাহৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ উপৰি এলোভেৰা জেলত ভিটামিন-ই, এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰে৷ এলোভেৰা জেল নাইট ক্ৰিম কিদৰে প্ৰস্তুত কৰিব জানো আহক৷ এটা কাচৰ পাত্ৰত তিনি চামুচ এলোভেৰা জেল লৈ তাৰ সৈতে দুচামুচ গোলাপ জল, এচামুচ আলমণ্ড অইল, সাত ফোটা লেভেণ্ডাৰ অইল ভালদৰে মিহলাই লওক৷ ভালদৰে মিহিল হোৱাৰ পাছত এই মিশ্ৰণটো ফ্ৰীজত সংৰক্ষণ কৰি ৰাখক৷ আপুনি বিচৰা নাইট ক্ৰিমটো প্ৰস্তুত হৈ গ’ল৷ এতিয়া এই মিশ্ৰণটো শোৱাৰ সময়ত মুখত লগাতে বলিৰেখাকে ধৰি ছালৰ আন সমস্যা নিৰাময় হয়৷
দৈনন্দিন জীৱন-যাত্ৰাত গোলাপ জল বহুতেই ব্যৱহাৰ কৰে৷ এই গোলাপ জলকে নাইট ক্ৰিম হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা পাত্ৰত গোলাপ জল লৈ তাত কোকো বাটাৰ, মৌ আৰু আলমণ্ড অইল মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ তৈয়াৰ হোৱাৰ পাছত এই মিশ্ৰণটো ফ্ৰীজত ৰাখক৷ ইয়াৰ পৰা শোৱাৰ আগতে মুখত নাইট ক্ৰিম হিচাপে ব্যৱহাৰ কৰক৷ এই নাইট ক্ৰিমে ছালৰ পৰা বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here