আজিকালি মানুহৰ মাজত ডায়েবেটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ আলসুৱা জীৱন যাপন, অসন্তুলিত খাদ্যাভ্যাস, শৰীৰক কষ্ট নিদিয়া, এলাহ ভাব, ভেজাল খাদ্য, ৰুটিন-বিৰুদ্ধ জীৱন প্ৰণালী বা বংশানুক্ৰমিকভাৱে এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷ সমগ্ৰ বিশ্বতে বৰ্তমান ৭০ শতাংশ লোকেই এই ৰোগৰ চিকাৰ হৈছে৷ এবাৰ এই বেমাৰ হোৱাৰ পাছত তাত নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে৷ গতিকে সময় থাকোঁতেই এই ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি তাৰহে ব্যৱস্থা লোৱা ভাল৷ সাধাৰণতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্যকে ধৰি নানা উপায় অৱলম্বন কৰা হয়৷ তাৰ ভিতৰত খাদ্য হিচাপে চিলগোজা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে৷ চিলগোজাত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ পোৱা যায়৷ ইয়াৰ উপৰি চিলগোজা বিভিন্ন ধৰণৰ এণ্টি ডায়বেটিক বৈশিষ্ট্যৰে ভৰপূৰ৷ এন চি বি আই অৰ্থাৎ আমেৰিকাৰ নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজিৰ গৱেষণা পত্ৰ মতে চিলগোজাই ডায়েবেটিছ ৰোগীৰ অক্সিডেটিভ ষ্টে˜চ কমাই ৰাখে৷ ইয়াৰ বিপৰীতে অক্সিডেটিভ ষ্টে˜চে ডায়েবেটিছ ৰোগক জাটিল কৰি তোলে৷ গৱেষকে গৱেষণাৰ জৰিয়তে ইয়াৰ সত্যতা নিৰূপণৰ বাবে এন্দুৰৰ ওপৰত পৰীক্ষা কৰিছিল৷ পৰীক্ষাটোৰ আৰম্ভণিতে এন্দুৰক ডায়েবেটিছ আক্ৰান্ত কৰা হৈছিল৷ এন্দুৰবোৰ ডায়েবেটিছৰ আক্ৰান্ত হোৱাৰ পাছত ইয়াৰ দেহত তেজত গ্লুকজৰ মাত্ৰা বাঢ়ি গৈছিল তথা ছিৰাম ফাষ্টিং ইনছুলিনৰ পৰিমাণ আ(ৰ্যজনকভাৱে কমি যোৱা দেখা গৈছিল৷ অকল এয়াই নহয়, এন্দুৰৰ শৰীৰৰ ওজন ৩৭ শতাংশপৰ্যন্ত হ্ৰাস পাইছিল৷ এই সময়ত এন্দুৰৰ লিভাৰ তথা ছিৰামৰ ছুপাৰ অক্সাইড ডিছমিউটেজ এনজাইম, টোটাল ছিঅ’ল গ্ৰুপ আৰু এণ্টিঅক্সিডেণ্টৰ ক্ষমতাও হ্ৰাস পাইছিল৷ ইয়াৰ পাছতে এই এন্দুৰবোৰক চিলগোজা খাবলৈ দিয়া হৈছিল৷ গৱেষণা কৰি পোৱা মতে চিলগোজা খাবলৈ দিয়াৰ পাছত এন্দুৰবোৰৰ শৰীৰত মেলণ্ডিয়ালডিহাইড আৰু ফাষ্টিং গ্লুকজৰ মাত্ৰা ৪৩ শতাংশপৰ্যন্ত কমি আহে৷ ইয়াৰ লগে লগে শৰীৰৰ ওজন ১৫ শতাংশ বৃদ্ধি পায়৷ সমান্তৰালভাৱে লিভাৰ তথা ছিৰামৰ ছুপাৰঅক্সাইড ডিছমুটেজ এনজাইম আৰু এণ্টিঅক্সিডেণ্টৰ ক্ষমতাও বহুগুণে বৃদ্ধি পায়৷ ইয়াৰ সহজ অৰ্থ হ’ল চিলগোজাই স্বাভাৱিকভাৱে ইনছুলিন বঢ়াই দিয়ে তথা ফাষ্টিং গ্লুকজৰ মাত্ৰা কমাই দিয়ে৷ সকলোতকৈ ডাঙৰ কথা হ’ল চিলগোজাৰ বাবে অক্সিডেটিভ ষ্টে˜চ কমি যায়৷ এই সন্দৰ্ভত নানাৱতী মেক্স হস্পিটেলৰ ছিনিয়ৰ ডায়েটেচিয়ান ডাঃ ৰসিকা মাথুৰে জানিবলৈ দিয়ে যে চিলগোজাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ চিলগোজাই তেজত গ্লুকজৰ পৰিমাণ বাঢ়িবলৈ নিদিয়ে৷ ইয়াৰ অৰ্থ চিলগোজাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখে৷ আনহাতে চিলগোজাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে৷