ভৱিষ্যদ্বাণী ! দিল্লীৰ বতৰে২০৫০-লৈ ভয়াৱহ ৰূপ ল’ব

0
289


জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ২০৫০ চনত দিল্লীত ভয়াৱহ ৰূপ ল’ব৷ ইয়াৰ ফলত প্ৰায় ২.৭৫ লাখ কোটি টকাৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণ আৰু বৰ্ধিত তাপমাত্ৰাৰ সময় সলনি হ’ব৷ ইয়াৰ ফলত ধন-জনৰ ক্ষতি হ’ব৷ এই তথ্য প্ৰকাশ কৰা হৈছে দিল্লী চৰকাৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ক কৰ্ম আঁচনিৰ খচৰা প্ৰতিবেদনত৷ খচৰা প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি গ্ৰীষ্ম প্ৰৱাহ, বৰ্ধিত তাপমাত্ৰা, ধাৰাসাৰ বৰষুণ দিল্লীত ভৱিষ্যতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিব৷ উল্লেখ্য যে ২০০৮ চনত জলবায়ু পৰিৱৰ্তন বিষয়ক ৰাষ্ট্ৰীয় কৰ্ম আঁচনি প্ৰস্তুত কৰা হৈছিল৷ তেতিয়াই ৰাজ্যসমূহৰ নিজা নিজা কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল৷ খচৰা প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ২০৫০ চনলৈ, অৰ্থাৎ ২৭ বছৰৰ পাছত দিল্লীত জলবায়ু পৰিৱৰ্তনৰ ফলত ২.৭৫ লাখ কোটি টকা লোকচান হ’ব৷ ইয়াৰ ভিতৰত কৃষি আৰু ইয়াৰ লগত জড়িত খণ্ডসমূহৰ প্ৰায় ৮০০ কোটি টকা লোকচান হ’ব বুলি কোৱা হৈছে৷ উৎপাদন খণ্ডৰ ক্ষতিৰ পৰিমাণ ৩৩০০ কোটি টকা আৰুআন খণ্ডসমূহৰ ২.৩৪ লাখ কোটি টকা লোকচান হ’ব বুলি কোৱা হৈছে৷ খচৰা প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি দিল্লীত শীতকালৰ দিন হ্ৰাস পাইছে৷ শুষ্ক দিনৰ সংখ্যা ৮.৪ দিন হ্ৰাস পাব আৰু সেমেকা দিনৰ সংখ্যা ০.৯ দিন বৃদ্ধি পাব৷ ইয়াৰ লগতে দিল্লীৰ তাপমাত্ৰা ২০৫০ লৈ ১.৫-২.১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here