ভূমিকম্পৰ আগজাননী দিয়াটো এতিয়ালৈকে প্ৰায় অসম্ভৱ হৈয়ে আছে৷ যদিহে ভূমিকম্পৰ আগতীয়াকৈ সঠিত আগজাননী দিব পৰা যায় তেতিয়া হাজাৰ-লাখ লোকৰ জীৱন বচাব পৰা যয়৷ তুৰস্ক-ছিৰিয়াত ফেব্ৰুৱাৰীত হোৱা ৭.৮ প্ৰাৱল্যৰ ভূমিকম্পত ৬০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ লগতে দুয়োখন দেশতে বিস্তৰ ক্ষতি সাধন হৈছিল৷ শেহতীয়াকৈ ফ্ৰান্সৰ বিজ্ঞানীৰ দল এটাই এই বুলি দাবী কৰিছে যে তেওঁলোকে ভূমিকম্পৰ আগজাননী দিয়াৰ উপায় উদ্ভাৱন কৰিছে৷ ছায়েন্স নামৰ বিজ্ঞান বাৰ্তালোচনীখনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এই দাবী কৰা হৈছে৷ ফ্ৰান্সৰ বিজ্ঞানীকেইজনে দাবী কৰা অনুসৰি তেওঁলোকে ভূমিকম্পৰ আগজাননী দিব পৰা প্ৰণালী আৱিষ্কাৰ কৰিছে, যিটো একেবাৰে নতুন নহয়৷ তেওঁলোকে জি পি এছ প্ৰণালীৰ সহায়ত ভূমিকম্পৰ বিষয়ে আগতীয়াকৈ জনাব পাৰিব বুলি কয়৷ উল্লেখ্য যে জি পি এছ কেইবা ডজন কৃত্ৰিম উপগ্ৰহৰ এক শৃংখলা৷ এই প্ৰণালীক সামৰিক উদ্দেশ্যৰ লগতে কোনো ব্যক্তি থকা স্থানৰ সঠিক তথ্য লাভৰ বাবেও ব্যৱহাৰ কৰা হয়৷ বিজ্ঞানীসকলে ৭ প্ৰাবল্যৰ অধিক ৯০টা ভূমিকম্পৰ পাছত ভূগৰ্ভত হোৱা পৰিৱৰ্তন বিশ্লেষণ কৰি জৰুৰী তথ্যৰ সন্ধান লাভ কৰে৷ তেওঁলোকৰ মতে জি পি এছ ডাটাৰ প্ৰয়োগ ফল্ট শ্লিপৰ আৰম্ভণিক জোখাৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ যিটো এটা ডাঙৰ ভূমিকম্পৰ কাৰণ হ’ব পাৰে৷ আন কথাত দুঘণ্টাৰ আগতে জি পি এছৰ সহায়ত ভূমিকম্পৰ আগজাননী দিব পৰা যায়৷