পোৰা কয়লাৰ প্ৰদূষণ ৰোধৰ বাবেজাপানে লৈছে ব্যতিক্ৰমী পদক্ষেপ

0
171


সমগ্ৰ বিশ্বতে উষ্ণায়নৰ কবলত পৰি দিনক দিনে তাপমাত্ৰা বাঢ়ি গৈ আছে৷ ইয়াৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ বিৰূপ প্ৰভাৱ মানৱ জাতিৰ ওপৰত পৰিছে৷ গৱেষকে দাবী কৰা অনুসৰি জীৱাশ্মৰ দহন ইয়াৰ নেপথ্যত আছে৷ সেই কাৰণে পৃথিৱীৰ হৈ থকা কয়লাৰ ব্যৱহাৰ কমাবলৈ বিজ্ঞানী মহলে পৰামৰ্শ দিছে৷ কিন্তু জাপানে ইয়াৰ ওলোটা পথ গ্ৰহণ কৰিছে আৰু এই পৰামৰ্শ মনাৰ কোনো প্ৰয়োজন নথকাৰ কথা দোহাৰিছে৷ জাপানৰ প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ সৰু চহৰ হেকিনানত আছে দেশৰ বৃহত্তম কয়লা চালিত বিদ্যুৎ উৎপাদন কেন্দ্ৰ৷ জলবায়ু পৰিৱৰ্তনৰ দোহাই দি এই ইউনিট বন্ধ কৰাৰ প্ৰস্তাৱ উঠিছিল৷ কিন্তু সম্প্ৰতি সংস্থাৰ ফালৰ পৰা কোৱা হৈছে যে কলয়াৰ সৈতে এমনিয়া মিহলোৱাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰা হৈছে৷ জাপানৰ বিদ্যুৎ উৎপাদনৰ এক তৃতীয়াংশই উৎপাদন হয় এই তাপবিদ্যুৎ কেন্দ্ৰৰ পৰা৷ যাৰ মূল চালিকা শক্তি হ’ল কয়লা৷ এই ইউনিটবোৰৰ পৰা বিপুল পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়৷ যি নেকি বিশ্বৰ উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তনৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ সেয়ে এই অৱস্থাত পৰিৱৰ্তনৰ বাবে কয়লাৰ সৈতে এমনিয়া মিহলোৱাৰ পৰিকল্পনা কৰিছে টকিঅ’ প্ৰশাসনে৷ গৱেষকসকলে দাবী কৰিছে যে কয়লাৰ সৈতে এমনিয়া মিহলি কৰাৰ পাছত গেছ উৎপন্ন হ’ব যদিও সেয়া কাৰ্বন-ডাই-অক্সাইড গেছ নহয়৷ উল্লেখ্য যে বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ জাপানৰ নিজস্ব অলেখ প্ৰাকৃতিক সম্পদ আছে৷ প্ৰশান্ত মহাসাগৰৰ এই দ্বীপপুঞ্জৰ পৰা ১১ শতাংশ বিদ্যুৎ উৎপাদন কৰে টকিঅ’ই৷ প্ৰসংগতঃ বিদ্যুতৰ চাহিদা বৃদ্ধিৰ বাবে ২০১১ চনতকৈ তাপবিদ্যুৎ কেন্দ্ৰৰ সংখ্যা জাপানত অভাৱনীয়ভাৱে বাঢ়িছে৷ বৰ্তমান এই দ্বীপপুঞ্জত মুঠ ৪০ টা কয়লা চালিত পাৱাৰ পইণ্ট আছে৷ ইয়াৰ পৰা উৎপাদিত কয়লাৰ এক চতুৰ্থাংশ ব্যৱহাৰ কৰে জাপানে৷ জাপানৰ এই সিদ্ধান্তক বহু গৱেষকে সমৰ্থন জনাইছে যদিও বহুতেই বিৰুদ্ধাচৰণো কৰিছে৷ তেনে এটা পক্ষই কয় যে তাপবিদ্যুৎ কেন্দ্ৰবোৰত এমনিয়া ব্যৱহাৰ কৰিলে জীৱাশ্ম দহনৰ ওপৰত জাপানৰ নিৰ্ভৰশীলতা বাঢ়িছে যদিও এমনিয়া জ্বলিলে নাইট্ৰজেন গেছৰ সৃষ্টি হ’ব, যি অতি ক্ষতিকাৰক আৰু বিষাক্ত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here