দেশৰ কোনখন চহৰক শীততাপ নিয়ন্ত্ৰিত চহৰ বোলে জানেনে ?

0
167


ভাৰতবৰ্ষৰ এখন চহৰক বোলা হয় এয়াৰ কণ্ডিশ্যনাৰ চিটি বা শীততাপ নিয়ন্ত্ৰিত চহৰ৷ কিন্তু এই বিবিধা কিমানদিন থাকিব এতিয়া তাক লৈ প্ৰশ্ন উঠিছে৷ এই চহৰখনত এসময়ত এচিৰ প্ৰয়োজন নাছিল৷ চহৰখনৰ চাৰিওফালে সুন্দৰ আৱ-হাৱা, পৰিৱেশে বিৰাজ কৰিছিল৷ গোটেই বছৰটোৱে চহৰখনৰ সকলো অংশতে এক শীতল অনুভূতি বিৰাজমান আছিল৷ সমুদ্ৰপৃষ্ঠৰ পৰা বেছ কিছু ওপৰত হোৱা হেতু ইয়াৰ পৰিৱেশ আছিল অন্য ৰকমৰ, য’ত শান্তিৰে বাস কৰিব পৰা এক সুন্দৰ, সুশোভিত চহৰ৷ এই চহৰত এক মনোৰম পৰিৱেশ গোটেই বছৰজুৰি আছিল৷ সেই কাৰণে এই চহৰক এয়াৰ কণ্ডিশ্যনাৰ চিটি অব ইণ্ডিয়া বুলি কোৱা হয়৷ চহৰখনৰ চাৰিওফালে আছে সেউজীয়া পাহাৰ৷ সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াৰ বাসিন্দাসকলে জীৱন নিৰ্বাহ কৰিছিল৷ প্ৰকৃতিৰ সৃষ্টি এই চহৰখনক থাকিলে এক সুন্দৰ অনুভূতি মন-মগজুত ক্ৰিয়া কৰে৷ কিন্তু ক্ৰমশঃ চহৰখনৰ আগৰ সেই পৰিৱেশ সলনি হ’বলৈ ধৰিছে৷ বিগত ৩০ বছৰ ধৰি সলনি হৈছে ইয়াৰ পৰিৱেশ-পৰিস্থিতি৷ এই চহৰখনক এনে এখন চহৰ কৰি তুলিছে, য’ত এতিয়া এখোজ দিবলৈও ঠাই অকণ নোহোৱা হৈছে৷ ভাৰতৰ অন্য প্ৰান্তৰৰ পৰা নৱপ্ৰজন্ম ইয়াত কেৰিয়াৰ গঢ়িবলৈ আহি চহৰখনৰ অৱস্থা কদৰ্যময় কৰি তুলিছে৷ চহৰখনত ক্ৰমে বাঢ়ি গৈছে বসতিৰ সংখ্যা, গাড়ী-মটৰ, কল-কাৰখানা অভাৱনীয় গতিত বৃদ্ধি পোৱাত মানুহে খোজ দিবলৈয়ে ঠাই অভাৱ হৈছে৷ যাৰ ফলত ইয়াৰ পৰিৱেশ প্ৰদূষিত হৈছে৷ অতিৰিক্ত নগৰায়নৰ চাপে ইয়াৰ পৰিৱেশ সলনি কৰিছে৷ ইয়াৰ ফলত ইয়াত প্ৰবল গৰম পৰিবলৈ ধৰিছে৷ পৰৱৰ্তী কালত চহৰখনৰ আগৰ সেই পৰিৱেশ ধৰি ৰাখিবলৈ ব্যৰ্থ হোৱাৰ ইংগিত পোৱা গৈছে৷ সেই যে গোটেই বছৰৰ মনোৰম পৰিৱেশ আছিল সেয়া বৰ্তমান উধাও হৈছে৷ ইয়াৰ ফলত আশংকা হৈছে যে বেংগালুৰু চহৰক অনাগত দিনত এয়াৰ কণ্ডিশ্যনাৰ চিটি অব ইণ্ডিয়া বুলি কোৱাটো সম্ভৱ হৈ থাকিবগৈনে?

LEAVE A REPLY

Please enter your comment!
Please enter your name here