বৰ্তমান মানুহে শৰীৰতকৈ মগজুৰ শক্তিক শাৰীৰিক শক্তিতকৈ অধিক ব্যৱহাৰ কৰিবলৈ লৈছে৷ ফলত এতিয়া মগজুক সুস্থ-সবল কৰি ৰখাৰ অধিক প্ৰয়োজন হৈ পৰিছে৷ একাংশ স্নায়ু বিশেষজ্ঞৰ মতে,মগজুক সুস্থ-সবল কৰি ৰখাৰ কাৰণে পুৱাৰ ভাগত ম’বাইল ফ’নৰ পৰা আঁতৰি থাকিব লাগে, ইতিবাচত চিন্তা-ভাবনাত গুৰুত্ব দিব লাগে৷ উটাহ বিশ্ববিদ্যালয়ৰ নিউৰ’বায়’লজি বিভাগৰ সহযোগী অধ্যাপক জেছন শ্বেফাৰ্ড আৰু স্নায়ুবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক টালিয়া লাৰ্নাৰে মগজু তথা মানসিক স্বাস্থ্য অধিক সুস্থ-সবল কৰি ৰখাৰ বাবে দৈনিক ৬-৮ ঘণ্টা শোৱাৰ পৰামৰ্শ দিছে৷ তেওঁলোকৰ মতে, ভাল টোপনিয়ে নতুন তথ্য লাভ কৰা তথা স্মৃতি শক্তি উন্নত কৰাত সহায় কৰে৷ ইয়াৰ লগতে নতুন চিন্তা-ভাবনাতো সহায় কৰে৷ আলঝেইমাৰ ৰোগৰ কাৰক এমালাইড প্লেক্সৰ দৰে হানিকাৰক প্ৰটিন মগজুত জমা হোৱাত বাধা দিয়ে৷ ইয়াৰ লগতে নিয়মীয়া শাৰীৰিক অনুশীলনে মগজুক সতেজ কৰি ৰখাত সহায় কৰে৷ শ্বেফাৰ্ডৰ মতে, নতুন নতুন মানুহক লগ পোৱা, নতুন স্থানত কৰা ভ্ৰমণ তথা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটোৱে মগজুত ইতিবাচক প্ৰভাৱ পেলায়৷ ইয়াৰ ফলত মগজু অধিক শক্তিশালী হয়৷ তেওঁ লগতে কয় যে ফটোগ্ৰাফি, শাস্ত্ৰীয় সংগীত শুনাৰ দৰে চখেও মগজুক সতেজ কৰি ৰখাত সহায় কৰে৷