বিশ্বব্ৰহ্মাণ্ডত কিমান ৰহস্য লুকাই সেই কথা কোনেও নাজানে৷ এই ৰহস্যৰ ভেদ ভঙাটোও ইমান সহজ কথা নহয়৷ বিজ্ঞানীসকলে অৱশ্যে নতুন নতুন ৰহস্যৰ ভেদ ভাঙি আহিছে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে এক নতুন তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে লাভ কৰা তথ্য অনুসৰি পৃথিবীলৈ অজ্ঞাত উৎসৰ অহৰহ পৰা ৰহস্যময় সংকেত আহি আছে৷ এই অজ্ঞাত উৎসৰ পৰা যোৱা ৩৫ বছৰে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ৰেডিঅ’ বিস্ফোৰণ [ৰেডিঅ’ ব্লাষ্ট] প্ৰেৰণ কৰি থকা হৈছে৷ পৃথিৱীলৈ এই অনাতাঁৰ তৰংগ কোনে ক’ৰ পৰা প্ৰেৰণ কৰি আছে, তাৰ ৰহস্য উদ্ঘাটন কৰিব পৰা হোৱা নাই৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি ১৯৮৮ চনৰ পৰা প্ৰতি ২০ মিনিটৰ মূৰে মূৰে পৃথিৱীলৈ এই তৰংগ প্ৰেৰণ কৰি থকা হৈছে৷ নেচাৰ নামৰ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা মতে পৃথিৱীলৈ আহি থকা এই তৰংগ কিছু পৰিমাণে কোনো অতি শক্তিশালী চৌম্বকীয় শক্তিসম্পন্ন ঘূৰ্ণীয়মান নিউট্ৰন তৰাৰ পৰা অহা বিদ্যুৎ চৌম্বকীয় বিস্ফোৰণৰ শব্দৰ যেন লাগে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এই বেতাৰ তৰংগ কেই মিলি ছেকেণ্ডৰ পৰা কেই ছেকেণ্ডমানৰ ভিতৰত আহে৷ মেকগিল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক এম কাছপীৰ মতে, এই তৰংগৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া সময়তহে জানিব পৰা যাব৷