মানুহৰ বয়স বৃদ্ধি প্ৰতিৰোধ কৰা ঔষধ অচিৰেই পোৱা যাব পাৰে, কিয়নো চিৰ তৰুণ কৰি ৰাখিব পৰা আটাইতকৈ শক্তিশালী কণা বিচাৰি পোৱা গৈছে৷ এই কণাৰ সন্ধান উলিয়াইছে কৃত্ৰিম বুদ্ধিমত্তাই [এ আই]৷ প্ৰকৃতিত প্ৰৌঢ়তা প্ৰতিৰোধ কৰাৰ ঔষধ আৱিষ্কাৰ কৰাটো ইমান সহজ নহয়৷ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই ইয়াক সহজ কৰি পেলালে৷ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ ইন্ষ্টিটিউট অব্ জেনেটিক্স এণ্ড মলিকিউলাৰ মেডিচিনৰ গৱেষক ভেনেছা নেৰ বাৰেটিয়ে কয় যে আমি এ আইৰ ব্যৱহাৰ কৰি এনেধৰণৰ তিনিবিধ শক্তিশালী অণু আৱিষ্কাৰ কৰিছোঁ, যি মানুহৰ বয়স বৃদ্ধিত বাধা দিয়া ঔষধ, অৰ্থাৎ ছেন’লাইটিক ড্ৰাগ্ছ প্ৰস্তুত কৰাত সহায় কৰিব৷ এই ঔষধে মানুহৰ প্ৰৌঢ়তা প্ৰতিৰোধ কৰাৰ লগতে বাৰ্ধক্যজনিত ৰোগৰ পৰাও বচাব৷ ছেন’লাইটিক ড্ৰাগ্ছে ছেনেচেণ্ট কোষবোৰক নষ্ট কৰিব পাৰে৷ এই কোষবোৰ জীয়াই থাকিলেও ইয়াৰ প্ৰতিৰূপ সৃষ্টি নকৰে আৰু তাৰ প্ৰয়োজনো নোহোৱা হৈ পৰে, কিয়নো এই কোষবোৰৰ ডি এন এ ইতিমধ্যে ক্ষতিগ্ৰস্ত হয়৷ মানুহৰ ছালৰ কোষবোৰ সূৰ্যৰ ৰশ্মিয়ে নষ্ট কৰি পেলায় আৰু নতুন কোষৰ সৃষ্টিতো সহায় নকৰে৷ ইয়াৰ প্ৰভাৱ কাষত থকা আন কোষতো পৰে আৰু প্ৰতিৰূপ কোষৰ সৃষ্টি নকৰে৷ ফলত ছাল শোতোৰা-শোতোৰ পৰিবলৈ ধৰে৷ ছেন’লাইটিক দৰবে এই কোষবোৰ নষ্ট কৰি নতুন কোষৰ সৃষ্টিত সহায় কৰে৷ অৱশ্যে এতিয়ালৈকে প্ৰায় ৮০ বিধ এনেধৰণৰ ঔষধ প্ৰস্তুত কৰা হৈছে আৰু তাৰ ভিতৰত মাত্ৰ দুবিধৰহে মানুহক লৈ পৰীক্ষা কৰা হৈছে৷ কিন্তু ছেন’লাইটিকে কুৰি বছৰলৈ প্ৰৌঢ়ত্ব প্ৰতিৰোধ কৰিব পাৰিব৷ গৱেষক মেৰ-বাৰেটোৱে কয় যে তেওঁ আৰু তেওঁৰ সহযোগীসকলে স্পেইনৰ নেশ্যনেল ৰিছাৰ্চ কাউন্সিলৰ বিজ্ঞানীসকলৰ সৈতে মিলি এবিধ নতুন ছেন’লাইটিকেল ৰাসায়নিক আৱিষ্কাৰৰ চেষ্টা কৰিছিল৷ ইয়াৰ বাবে তেওঁলোকে মেচিন লাৰ্নিং মডেল সৃষ্টি কৰিছিল৷ এই মডেলে ৪৩৪০ অণুৰ পৰা ২১ বিধ শ্ৰেষ্ঠ তথা অতি শক্তিশালী অণু বাছি উলিয়ায়৷ এই ২১ বিধ অনুৰ পৰা ভৱিষ্যতে বৃদ্ধতা প্ৰতিৰোধৰ উন্নত মানৰ ঔষধ প্ৰস্তুত কৰিব পৰা যাব৷ এই ২১ বিধ অণুক স্বাস্থ্যৱান আৰু ছেনেছেণ্ট কোষত পৰীক্ষা কৰা হৈছিল৷ তাৰ পৰা তিনিবিধ অতি উত্তম অণু বিচাৰি পোৱা হয়৷ সেয়া হ’ল পেৰিপ্ল’ছিন, অলিয়নড্ৰিন আৰু জিংগেটিন৷ এই তিনিওবিধে প্ৰৌঢ়তা অনা ছেনছেণ্ট কোষবোৰ সমূলঞ্চে নষ্ট কৰিব আৰু স্বাস্থ্যৱান কোষবোৰক সুৰক্ষিত কৰি ৰাখিব৷ এই তিনিওবিধৰ ভিতৰত অলিয়নড্ৰিন সৰ্বশ্ৰেষ্ঠ বুলি তেওঁ কয়