মিক্সিত ভুলতোএইবোৰ খাদ্য নিপিচিব

0
360


পাকঘৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ল মিক্সি বা মিক্সাৰ গ্ৰাইণ্ডাৰ৷ এইবিধ সামগ্ৰী অবিহনে আজিৰ চাম ৰান্ধনীয়ে ৰন্ধন কাৰ্যৰ কথা ভাবিব নোৱাৰে৷ যিদিনাৰ পৰা এই যন্ত্ৰবিধ আৱিষ্কাৰ হৈছে, তেতিয়াৰ পৰা মানুহৰ বিশেষকৈ ৰান্ধনীৰ বহু কামেই কমিছে৷ কম সময়ত ভিতৰতে ইচ্ছামতে মছলা খুন্দাৰ পৰা আৰম্ভ কৰি চাটনি, চালাড, বস্তু গুৰি কৰিবলৈ ইয়াৰ বিভিন্ন অৱদান আছে৷ সহজে আমি হাততে পাই সকলো বস্তুকে মিক্সিত গুৰি কৰিবলৈ বিচাৰোঁ৷ কিন্তু সকলো বস্তুৱে জানো মিক্সিত গুৰি কৰা বা পিচাটো উচিত৷ সকলো বস্তু মিক্সিত পিচাটো উচিত নহয়৷ জানো আহক কি কি বস্তু মিক্সিত বটা অনুচিত৷
কেতিয়াও ফ্লোজেন শাক-পাচলি বা খোৱা খাদ্য মিক্সিত নিপিচিব৷ কাৰণ অতিৰিক্ত ঠাণ্ডা এইবোৰ বস্তু শক্ত হৈ যায়৷ ফলত মিক্সিত দিলে অসুবিধাহে হ’ব পাৰে৷
ইয়াৰ উপৰি গৰম খাদ্য মিক্সিত দিয়াটো বিপজ্জনক হ’ব পাৰে৷ বহুতেই ভাজি লৈ গৰমে গৰমে পিঁয়াজ, আদা, নহৰু আদি মিক্সিত দিয়ে৷ এই গৰম মছলাবোৰে মিক্সিত বিস্ফোৰণ ঘটাব পাৰে৷
বহুতেই আটা, ময়দা মাখিবলৈ মিক্সি ব্যৱহাৰ কৰে৷ এইটো অত্যন্ত বেয়া অভ্যাস৷ কাৰণ এইবোৰ উপাদানে মিক্সিৰ ওপৰত চাপ পেলায়৷ যাৰ ফলত গ্ৰাইণ্ডাৰৰ ব্লেড নষ্ট হৈ যাব পাৰে৷
তীব্ৰ গোন্ধযুক্ত খাদ্য মিক্সিত কেতিয়াও নবটিব৷ এনে বস্তু বটা হোৱাৰ পাছতো ইয়াৰ গোন্ধ মিক্সিত থাকি যায়৷ পাছত মিক্সিত কিবা পিচিলে ইয়াৰ গোন্ধ তাত লাগি ধৰে৷
আলু মিক্সিত কেতিয়াও নিপিচিব৷ আলুত যথেষ্ট পৰিমাণে ষ্টাৰ্চ থাকে৷ মিক্সিত আলু পিচিলে সেই ষ্টাৰ্চৰ পৰিমাণ আৰু বাঢ়ি যায়৷ অতিৰিক্ত ষ্টাৰ্চযুক্ত খাদ্যই শৰীৰৰ অপকাৰ কৰে৷
ঘৰত সৰু ল’ৰা-ছোৱালী থাকিলে মিক্সিত জলকীয়া, অত্যধিক মছলা পিহিলে লগে লগে ধুই দিবলৈ নাপাহৰিব৷ নহ’লে মিক্সিত লাগি থকা জলকীয়াৰ নিৰ্যাসে সন্তানে খোৱাৰ ফলত বিপদ ঘটিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here