বিশ্ব অভিলেখ : গাড়ীৰে ভ্ৰমণ ১১৬খন দেশ

0
348


নিজৰ গাড়ীৰে বিশ্ব ভ্ৰমণ কৰাটো সহজ কথা নহয়, কিন্তু সেই কামকে কৰি দেখুৱালে জেমছ ৰোজাৰ্ছ আৰু তেওঁৰ পত্নী পেজ পাৰ্কাৰে৷ তেওঁলোকে নিজৰ গাড়ীৰে একেৰাহে ১১৬খন দেশ ভ্ৰমণ কৰি বিশ্ব অভিলেখ গঢ়ে৷ গীনিজ বুক অব্‌ ৱৰ্ল্ড ৰেকৰ্ডছেও তেওঁলোকৰ এই অভিলেখক স্বীকৃতি দিছে৷ গীনিজ বুকে কেইদিনমানৰ আগতে এই কথা প্ৰকাশ কৰে৷ নিউয়ৰ্কৰ বাসিন্দা জেমছ আৰু পেজে বিশ্বৰ প্ৰায়বোৰ দেশ ভ্ৰমণ কৰে৷ গীনিজ বুকে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল ১৯৯৯ চনৰ ১ জানুৱাৰীত আইচলেণ্ডৰ পৰা৷ তেওঁলোকে ভ্ৰমণ আৰম্ভ কৰে নিজৰ হাৰ্ড টপ কনভাৰ্টিবল গাড়ীখনেৰে৷ দেখাত মাৰ্ছিডিজ বেঞ্জৰ দৰে গাড়ীখনত ট্ৰেইলৰো লগোৱা আছিল৷ আচলতে তেওঁলোকে ভ্ৰমণ কৰি ভাল পায়৷ সেয়েহে গাড়ীৰে বিশ্ব ভ্ৰমণ কৰাৰ কথা ভাবিলে আৰু আৰম্ভও কৰিলে৷ তেওঁলোকে পানামাৰ পৰা জাপানলৈকে বিশ্বৰ বিভিন্ন স্থান প্ৰত্যক্ষ কৰিলে৷ জেমছে কয় যে মই অভিলেখ গঢ়াৰ উদ্দেশ্যে ভ্ৰমণত ওলোৱা নাছিলোঁ৷ আগতে মটৰচাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিছিলোঁ, কিন্তু পত্নীৰ সৈতে ভ্ৰমণৰ আনন্দই সুকীয়া৷ আমি বিশ্বৰ বিভিন্ন সীমা, ভগা-ছিগা পথ, বৰফৰ ধুমুহা আৰু আনকি যুদ্ধ হৈ থকা অঞ্চললৈও গৈছিলোঁ৷ তেওঁলোকে বিশ্বৰ বিভিন্ন স্থানৰ লোকসকলৰ জীৱন শৈলী, চিন্তা-ভাবনা আদিৰ বিষয়ে জানিবলৈ বিচাৰিছিল৷ জেমছ আৰু পেজে মুঠ ২৪৫,০০০ কিল’মিটাৰ ভ্ৰমণ কৰে৷ তিনি বছৰীয়া অবিৰত যাত্ৰাৰ অন্ত পৰিছিল ২০০২ চনৰ ৫ জানুৱাৰীত৷ এই ভ্ৰমণটোত কিমান ধন ব্যয় হৈছিল বুলি সোধাত জেমছে কয় যে আমাৰ কিমান ধন ব্যয় হৈছিল সেইটো মই নাজানো, কিয়নো আমি ধনত গুৰুত্ব দিয়া নাছিলোঁ, আমি ভ্ৰমণৰ স্মৃতি ধৰি ৰখাতহে গুৰুত্ব আৰোপ কৰিছিলোঁ

LEAVE A REPLY

Please enter your comment!
Please enter your name here