বিশ্বৰ বতৰৰ পৰিৱৰ্তনক লৈবিশ্ববাসীক বিজ্ঞানীৰ সকীয়নি

0
689

সমগ্ৰ বিশ্বতে বতৰৰ যি পৰিৱৰ্তন ঘটিছে তাক লৈ বিজ্ঞানী মহলে বিশ্ববাসীক সকীয়নি প্ৰদান কৰিছে৷ কিয়নো অলপতে জলবায়ুৰ দুটা কাৰকৰ বিৰল পাৰস্পৰিক ক্ৰিয়াৰ ফলত প্ৰবল বৰষুণৰ পাছত আকস্মিক বানপানীত ভাৰতৰ হিমাচল প্ৰদেশৰ বহু অঞ্চল ভয়াৱহভাৱে প্লাৱিত হয়৷ এই আকস্মিক দুৰ্যোগৰ পাছতে উত্তৰ ভাৰতৰ আন কেইবাখনো ৰাজ্যলৈ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে৷ এই অৱস্থা কেৱল ভাৰততে নহয়৷ পৃথিৱীৰ আন আন ভালেমান দেশতো এনেদৰে হঠাতে বানপানীৰ সৃষ্টি হৈছে৷ জাপানৰ প্ৰবল আৰু নেৰানেপেৰা বৰষুণৰ ফলত বানপানী আৰু ভূমি…লনত ছজন লোকে প্ৰাণ হেৰুৱাইছে৷ একেদৰে আমেৰিকাৰ নিউয়ৰ্ক, হাছডন ভেলী আৰু ভাৰমণ্টত বৰষুণৰ পাছতে প্ৰবল বানপানী হয়৷ ইফালে আগতীয়া বানৰ বাবে উত্তৰ মধ্য আৰু দক্ষিণ চীনত হাজাৰ হাজাৰ লোক স্থানচ্যুত হ’বলগীয়া হয়৷ প্ৰবল বৰষুণৰ বাবে তুৰস্কৰ নদীবোৰ আৰু কৃষ্ণ সাগৰৰ উপকূলৰ নদীবোৰৰ পানী বাঢ়ি অভাৱনীয় বানৰ সৃষ্টি হয়৷ পৃথিৱীৰ বিভিন্ন দেশত এইদৰে হঠাতে হোৱা প্ৰাকৃতিক পৰিৱৰ্তনৰ বাবে বিজ্ঞানীসকলে সকীয়াই দিছে৷ স্বাভাৱিকতকৈ গৰম অঞ্চলত হোৱা ধুমুহাবোৰৰ কাৰণে এই দেশবোৰত সঘনে প্ৰবল বৰষুণ হ’বলৈ লৈছে আৰু পৰিস্থিতি শোচনীয় হৈ পৰিছে৷ গৰম বায়ুমণ্ডলত বেছি জলীয় বাষ্প থাকে আৰু ফলত প্ৰবল বৰষুণ আৰু ধুমুহা হয়৷ বিশেষকৈ কাৰ্বন-ডাই-অক্সাইড আৰু মিথেন গেছৰ দৰে প্ৰদূষকবোৰে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে৷ পৃথিৱীৰ পৰা গৰম দূৰলৈ এৰি দিয়াৰ পৰিৱৰ্তে এই প্ৰদূষকবোৰে গৰম বা উষ্ণতা ধৰি ৰাখে৷ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে পৃথিৱীৰ বায়ুমণ্ডল যিমানে বেছি গৰম হ’ব, বতৰৰ পৰিৱৰ্তনো সিমানে সলনি হ’ব৷ বিজ্ঞানীসকলে লগতে বিশ্ববাসীক সকীয়াই দিছে যে এয়া আৰম্ভণিহে৷ অনাগত বছৰবোৰত পৃথিৱীত বৰষুণ আৰু বানপানীয়ে প্ৰবল ৰূপ ধাৰণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here